সমললৈ যাওক

পৃষ্ঠা:স্তুতি মালা.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
স্তুতিমালা


নিৰ্গুণ গুণৰ ৰাজ আদি অন্ত নাই মাজ
 তােমাকেই কৰোঁ নমস্কাৰ।
সৃষ্টি স্থিতি প্রলয়ৰ  তুমি কৰ্ত্তা জগতৰ
 নিৰ্ব্বিকাৰ তুমি পৰাৎপৰ;
স্ৰজন পালন কৰি তুমি মাত্র আছা হৰি
 তােমাকেই কৰোঁ নমস্কাৰ।
তুমি অগতিৰ গতি নমাে নমাে জগপতি
 নমো দেব জগতৰ সাৰ;
নমো দেৱ নিৰঞ্জন শিৱ সত্য সনাতন
 তােমাকেই কৰোঁ নমস্কাৰ।
অব্যক্ত ঈশ্বৰ স্বামী কিমতে ভজিবোঁ আমি
 ভক্তিহীন মই দুৰাচাৰ ;
দিয়া প্রভু তত্ত্বজ্ঞান কৰা মােক পৰিত্ৰাণ
 তােমাকেই কৰোঁ নমস্কাৰ।

———০———

বিবেক মঞ্জৰী।

দিন ৰাতি গধূলি সাঁজ ৰাতি পুৱা,
জাৰ গৈ বসন্তৰ শুদা অহা যােৱা।
কালে ৰং কৰি থাকে পৰমায়ু যায়,
আশা কিন্তু লাগি থাকে তাৰ শেষ নাই॥