পৃষ্ঠা:স্তুতি মালা.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
স্তুতি-মালা

মোহমায়া দূৰ কৰি চৰণে চপাই ধৰি
 ৰক্ষা কৰা শ্ৰীমধুসূদন।
পশু পক্ষী আদি কৰি  বহু জন্ম লভি আছোঁ
 কোটী কোটী জনম মৰণ;
আদি অন্ত নাই তাৰ  তোমাকে কৰিছোঁ সাৰ
 ৰক্ষা কৰা শ্ৰীমধুসূদন।
ভয়ত কাতৰ হই  বলকি ফুৰিছোঁ প্ৰভু
 উত্ৰাৱল সদা মোৰ মন;
মোৰ সম অল্পমতি  নাই আৰু জগপতি
 ৰক্ষা কৰা শ্ৰীমধুসূদন।
আৰু যদি জন্ম পাওঁ  তোমাতে শৰণ লওঁ
 তুৱা পাৱে ভক্তি অনুক্ষণ।
এয়ে যেন মোৰ হয়  কৃপা কৰা দয়াময়
 ৰক্ষা কৰা শ্ৰীমধুসূদন।
চন্দ্ৰ সূৰ্য্য গ্ৰহ আদি  ঘূৰি ঘূৰি ফুৰে সবে
 সি সবৰো কৰ্ম্মৰ বন্ধন;
যি জনে তোমাত প্ৰভু  একান্তে শৰণ লয়
 ৰাখা তাক মধুসূদন।
এতেকে পৰমেশ্বৰ  দাস ভৈলোঁ চৰণৰ
 লোৱা প্ৰভু দেহ প্ৰাণ মন;
চৰণ ছত্ৰৰ ছাঁয়া  দিয়া দূৰ কৰা মায়া
 ৰক্ষা কৰা শ্ৰীমধুসূদন।