উচ্চতা অনুমানৰ কাৰণে ভৰিৰপৰা মূৰলৈকে নৰেশ্বৰৰ দেহটোলৈ এবাৰ চাই ড্ৰাইভাৰে সমৰ্থন কৰি কলে, “হয় হয়, মোৰ এই পেণ্ট ছয় মাহত চুটি হৈ গ'ল।” উত্তৰৰ লগে লগে ড্ৰাইভাৰে তাৰ নিজৰ পেণ্টটোৰ দীৰ্ঘতালৈ আঙুলিয়ালে।
দৰ্জ্জিয়ে তাচ্ছিল্যৰে ড্ৰাইভাবৰ ভাজ নোহোৱা পুৰণি পেণ্টটোলৈ নাকসিকতাই চাওঁ নেচাওঁকৈ চাই কলে, “সেইটো অৰ্ডিনেৰি দেশী জিন। আমি মাঞ্চেষ্টাৰি জিন দিম; খুব লাষ্টিং কৰিব।”
দেশী বস্তু যে সাধাৰণ, মূল্যহীন, নৰেশ্বৰেও বুজি পায়। দৰ্জ্জিৰ প্ৰত্যুত্তৰত ড্ৰাইভাৰৰ মুখত চুঙা চাই সোপা পৰাত নৰেশ্বৰে মনে মনে কৌতুক অনুভৱ কৰিলে। জোখ-মাপ শেষ কৰি কলে, “সাত দিনৰ পিছত ৰেডি কৰি থম, দৰ্কাৰ হলে আমাৰ মানুহে বাগিছাত চাহাবৰ বঙলাত দি আহিবগৈ।”
ডেলিভাৰি ক'ত দিব লাগিব সুধিবলৈ দৰ্জ্জি মেমচাহাবৰ ওচৰলৈ আহিল। অহা সপ্তাহত মেমচাহাবে নিজেই লৈ যাবহি বুলি জনালে।
তাৰ পিছত বাগিছামুৱা ওভোটা যাত্ৰা আৰম্ভ হ'ল।