সেউজী পাতৰ কাহিনী
দুয়োটাৰে একে মাপ্।” পিছৰবাৰ নৰেশ্বৰক লক্ষ্য কৰি কোৱা।
“চাওঁ হাতটো মেলি দে।” হাতৰ সৰু গাঁথিৰ পৰা বাহুলৈকে জোখ লৈ কলে, “হাত ১২॥” থুতৰিত ধৰি মূৰটো পোনাই ডিঙিৰ জোখ লৈ কলে—“গলা।” কথাষাৰ শেষ নকৰিয়েই নৰেশ্বৰক সুধিলে, “হাই চিংগেল কলাৰ হবনে, ডাবোল কলাৰ হব?”
নৰেশ্বৰে উত্তৰ দিবলৈ নৌ পাওঁতেই ড্ৰাইভাৰে আঙুলিৰে নিজৰ কোটৰ কলাৰটো দেখুৱাই কলে, “এই ৰকম হলে ভাল হব।”
ড্ৰাইভাৰে টপ্টপাই থকাত নৰেশ্বৰৰ খং উঠিছিল। ড্ৰাইভাৰ, বুধু, ৰহমতৰ নিচিনা কানি-কাপোৰ পিন্ধিব লগা হোৱাত সি পেটে পেটে বৰ পছন্দ কৰা নাছিল। এই মানুহবোৰৰ দৰে একে “বয়-বেহেৰা” ধৰণৰ সাজ-পোছাক পিন্ধি তাহাঁতৰ লগত মিলিযাবৰ তাৰ ইচ্ছা নাই; তাহাঁতৰপৰা সি সুকীয়া হৈ থাকিব খোজে। তাৰ মনৰ কথা বুজিয়েই মেমচাহাবে তাক বয় নুবুলি নৰেশ্বৰ বুলি মাতে—নৰেশ্বৰে ভাবে। ড্ৰাইভাৰৰ ওপৰত নৰেশ্বৰৰ খং উঠিল।
“পিয়াৰ, পেণ্টৰ মাপ লেখ।” কঁকালৰপৰা ভৰিৰ সৰু গাঁথিলৈকে পুনৰ ফিটাডাল এৰি দি ড্ৰাইভাৰৰ পিনে চাই সুধিলে, “লম্বা কিমান দিম? এই হল ১৫ গিৰা। এই ঠিক হব নহয়?
জিন কাপোৰ পিছত কোচ খাব। কিছু বেচি দিয়াই ভাল।”
৯১