মদৰ বটল দেখি হাঁহিলে। লাজত ম্ৰিয়মান হৈ নৰেশ্বৰে দুই হাতত দুই বটল লৈ বাহিৰলৈ ওলাল।
বস্তু-বাহানি তোলা শেষ হল বুলি ইউচুফে মেনেজাৰক জনালে; নৰেশ্বৰো বাজৰপৰা ঘূৰি আহি মেমচাহাবৰ কাষ চাপিল।
“টফি এক পাউণ্ড।”
মেনেজাৰে আসনৰপৰা উঠি নিজেই টফি জুখিবলৈ লাগিল। এক পাউণ্ড ওজন হোৱাত আৰু কেইটামান লগাই দি কাগজৰ টোপোলাৰে বান্ধি মিচেচ মিলাবৰ হাতত দিলে। মিচেচ মিলাৰে তাৰেপৰা কেইটামান টফি ওচৰতে থিয় দি থকা ইউচুফ আৰু নৰেশ্বৰৰ হাতত দিলে। কি কৰিব নকৰিব বুজিব নোৱাৰি নৰেশ্বৰে মেমচাহাবৰ মুখলৈ কৃপাপ্ৰাৰ্থী হৈ চাই ৰল।
“টফি আছে খাব লাগে।” মেমচাহাবৰ হাঁহিত সি আকৌ এবাৰ অপ্ৰতিভ হল। মেনেজাৰৰ সৈতে মেমচাহাব কেই খোজমান আগবঢ়াত মেবোৱা কাগজৰ সৈতে টফি এটা নৰেশ্বৰে মুখত সুমুৱা ইউচুফে চাই আছিল। নৰেশ্বৰৰ অনভিজ্ঞতাত নিজে গৌৰৱ অনুভৱ কৰি ইউচুফে মাত দিলে “ধ্যেৎ, জংঘলী কৰবাৰ। কাগজটো এৰুৰাই খাব লাগে বুলি নেজান? কেতিয়াবা খাই পালেহে?”
কাগজেৰে সৈতে চোবোৱা টফিটো উলিয়াই পেলাবলৈ সুচল নোহোৱাত মুখৰ ভিতৰতে অঁকোৱা-পকোৱাকৈ কামুৰি কামুৰি নৰেশ্বৰো গাৰীৰ কাষ চাপিল। মেনেজাৰে দুৱাৰ মেলি