এটা-দুটাকৈ বিভিন্ন আলমাৰিৰপৰা সংগ্ৰহ কৰি অনা বস্তুৰে ইউচুফহঁতে নতুন এখন পোহাৰ মেলিলে। মিচেচ মিলাৰে তাৰে কোনোটো হাতত তুলি লৈ চালে, কোনোটোত চকু ফুৰালে, কোনোটো ডিঙি মেলি দূৰৈৰপৰা লক্ষ্য কৰিলে। সমুখত হাজিৰ কৰা বস্তুবোৰৰ কেইটামান দিবলৈ নিৰ্দেশ কৰিলে। মেমচাহাবে দেখুৱাই দিয়া বস্তু কেইপদ ৰাখি বাকীবোৰ কৰ্ম্মচাৰিহঁতে যথাস্থানলৈ ঘূৰাই নিলে। ইতিমধ্যে ইউচুফে কাগজৰে মেৰোৱা টোপোলাবোৰ আনি মেনেজাৰৰ সম্মুখত এটা দুটাকৈ থলেহি।
“এই ইউচুফ ইয়াত জমা কৰিলি কেলৈ?একেবাৰে মেমচাহাবৰ গাৰীত তুলি দেগৈ।” মেনেজাৰে হুকুম দিলে।
নৰেশ্বৰে ওচৰতে তন্ময় হৈ ইটো সিটো বস্তু চাই আছিল; কিমান ধৰণৰ যে বস্তু? কি বস্তুৰ কি ব্যৱহাৰ সেই কথা বুজা তাৰ দুসাধ্য। মিচেচ মিলাৰে নৰেশ্বৰলৈ চাই কলে,—
“নৰেশ্বৰ, মাল গাৰীত উঠাব লাগে।”
নৰেশ্বৰে নিজৰ তৎপৰতা দেখুৱাবলৈ মেনেজাৰৰ সম্মুখত থকা ৰঙা বগা ৰঙৰ আকৰ্ষণীয় বটল কেইটা একেলগে সাবটি ললে। মেনেজাৰে তাৰ কাণ্ড দেখি লৰালৰিকৈ বাধা দি কলে, “এই, এই কি কৰ, কি কব? সব ভাঙি চূৰমাৰ কৰিবি দেখিছোঁ। এটা বটলৰ কিমান দাম নেজান? দুটা দুটাকৈ লৈ যা।” মিচেচ মিলাৰ লজেঞ্জ টফি থোৱা বৈয়ামবোৰ নিৰীক্ষণ কৰিছিল; মেনেজাৰৰ চিঞৰত মুখ ঘূৰাই নৰেশ্বৰৰ হাতত