সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

মেমচাহাবৰ নিমিত্তে নতুন চচেজৰ টিন লৈ আহ।” কোৱা মাত্ৰকে চচেজৰ টিন মেমচাহাবৰ হাতত পৰিলহি। অলপ পৰ টিনটো লিৰিকি বিদাৰি তাৰ গাত মৰা কাগজখন পঢ়ি মিচেচ মিলাৰে সুধিলে—“পাউণ্ডত দাম?”

 “দাম মেমচাহাব হৈ যাব; বস্তু পছন্দ হলেই — হ'ল।”

 “পাঁচ পাউণ্ড দিব লাগে।” মিচেচ মিলাৰৰ শিকা অসমীয়া ব্যাকৰণ মতে ‘লাগে’, ‘আছে’, ‘হয়’ এই ধাতু নলগালে বাক্যই শুদ্ধ নহয়।

 তালিকাখনত দাগ দিয়া শেষ কৰি ওচৰতে থিয় হৈ থকা ইউচুফৰ হাতত গতাই দি কলে, “ইউচুফ, এই লিষ্টৰ বস্তু ঠিক ঠিক মতে বাহিৰ কৰ। পুৰণা বস্তু নিদিবি। সব নতুন কনচাইনমেণ্টৰ বস্তু বাহিৰ কৰিবি।” ইউচুফ আঁতৰি যোৱাৰ লগে লগে অতি বিনয়ীভাৱে মূৰটো সোঁফাল বাওঁফাল কৰি মেনেজাৰে কলে, “মেমচাহাব, ডেনিচ হেম, একেবাৰে টাটকা জিনিচ, দি দিওঁ পাঁচ পাউণ্ড।”

 কথা শেষ হোৱাৰ লগে লগেই পুনৰ চিঞৰিলে, “এই পৱিত্ৰ, হেমৰটিন।”

 হাত মোহাৰি মোহাৰি কলে, “দুই পাউণ্ড চীজ দিওঁ, মেমচাহাব; পেৰিচৰ পৰা অহা বস্তু।” মেমচাহাবৰ সম্মতি নৌ পাওঁতেই চিঞৰিলে, “ইউচুফ, দুই পাউণ্ড চীজ ভালকৈ পেক কৰি আন।”

 মুহূৰ্ত্তৰ ভিতৰতে মেনেজাৰৰ সম্মুখৰ দীঘল মেজখনৰ ওপৰত