সেউজী পাতৰ কাহিনী
লগত সাক্ষাতৰ সৌভাগ্য হব বুলিয়েইতো তোমাৰ লগত আহিবলৈ সম্মত হৈছিলো ।” কথাৰ লগে লগে মেম গৰাকীয়ে বাটৰ কাষৰপৰা চাহাবৰ ওচৰ চাপিল।
“সঁচা কথা; যোৱা সপ্তাহত বনৰীয়া হাতীয়ে তৰাজুলি বাগিছাৰ কলঘৰ ভাঙি পহৰাৱালাক গছকি মাৰি গৈছে ।”
চাহাবে ঘূৰি চালে ; মেমৰ চকু মুখ মহৰ গাখীৰৰ ছামনিৰ দৰে ভয়ত ঈষত হালধীয়া হৈছে। পুৰুষোচিত গৰ্ব্বৰে চাহাবে কলে, “ভয় নাই ; ৰাতি বাটত খপিব লগা নহব। দোষ ধৰা পৰিছে—গাৰী এতিয়াই ভাল হব। ৰোগ নিৰূপণ হলে ঔষধৰ ব্যৱস্থা কিমান পৰ ?”
কথাৰ লগে লগে চাহাবে ইঞ্জিনৰ প্লাগৰ তাঁৰবোৰ ৰেঞ্চেৰে কঁচিবলৈ লাগিল ; তাৰমিৰ্নেল ঢিলা হৈছে বুলি তন্ন তন্নকৈ আঁজুৰি পিজুৰি চালে । মেম গৰাকীয়ে চান-গ্লাচজোৰ ফ্ৰকৰ পকেটত সুমুৱাই নিৰ্বিকাৰভাৱে চিগাৰেট হোপাত লাগিল ৷
সন্ধিয়া লাগোঁ লাগোঁ । হাতত টোপোলা এটাৰে লৰা এটা মটৰৰ কাষ চাপিল। বয়স লৰালিৰপৰা ডেকা অৱস্থা প্ৰাপ্তিৰ পথত ; সুঠাম শৰীৰ । ৰঙা শেলৰ ধুতীৰ ওপৰত নীলা কামিজ। সেওঁটাতো এফলীয়াকৈ ফলাত টুপটুপীয়া মুখখন সন্ধিয়াৰ ৰঙচুৱা পোহৰত ওলাই পৰিছে । এখোজ দুখোজকৈ মটৰৰ মুখখনৰ কাষ চাপি চাহাবেনো কি কৰিছে আলেখলেখ
বুজিবলৈ জুমাজুমি কৰিলে। চাহাবে আগন্তুকৰ উমান পাই