সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সেউজী পাতৰ কাহিনী

লগত সাক্ষাতৰ সৌভাগ্য হব বুলিয়েইতো তোমাৰ লগত আহিবলৈ সম্মত হৈছিলো ।” কথাৰ লগে লগে মেম গৰাকীয়ে বাটৰ কাষৰপৰা চাহাবৰ ওচৰ চাপিল।

 “সঁচা কথা; যোৱা সপ্তাহত বনৰীয়া হাতীয়ে তৰাজুলি বাগিছাৰ কলঘৰ ভাঙি পহৰাৱালাক গছকি মাৰি গৈছে ।”

 চাহাবে ঘূৰি চালে ; মেমৰ চকু মুখ মহৰ গাখীৰৰ ছামনিৰ দৰে ভয়ত ঈষত হালধীয়া হৈছে। পুৰুষোচিত গৰ্ব্বৰে চাহাবে কলে, “ভয় নাই ; ৰাতি বাটত খপিব লগা নহব। দোষ ধৰা পৰিছে—গাৰী এতিয়াই ভাল হব। ৰোগ নিৰূপণ হলে ঔষধৰ ব্যৱস্থা কিমান পৰ ?”

 কথাৰ লগে লগে চাহাবে ইঞ্জিনৰ প্লাগৰ তাঁৰবোৰ ৰেঞ্চেৰে কঁচিবলৈ লাগিল ; তাৰমিৰ্নেল ঢিলা হৈছে বুলি তন্ন তন্নকৈ আঁজুৰি পিজুৰি চালে । মেম গৰাকীয়ে চান-গ্লাচজোৰ ফ্ৰকৰ পকেটত সুমুৱাই নিৰ্বিকাৰভাৱে চিগাৰেট হোপাত লাগিল ৷

 সন্ধিয়া লাগোঁ লাগোঁ । হাতত টোপোলা এটাৰে লৰা এটা মটৰৰ কাষ চাপিল। বয়স লৰালিৰপৰা ডেকা অৱস্থা প্ৰাপ্তিৰ পথত ; সুঠাম শৰীৰ । ৰঙা শেলৰ ধুতীৰ ওপৰত নীলা কামিজ। সেওঁটাতো এফলীয়াকৈ ফলাত টুপটুপীয়া মুখখন সন্ধিয়াৰ ৰঙচুৱা পোহৰত ওলাই পৰিছে । এখোজ দুখোজকৈ মটৰৰ মুখখনৰ কাষ চাপি চাহাবেনো কি কৰিছে আলেখলেখ

বুজিবলৈ জুমাজুমি কৰিলে। চাহাবে আগন্তুকৰ উমান পাই