ড্ৰাইভাৰে কলে,—“নেহি মেমচাহেব, থোৰা সে ছোট লাগা; ৰাস্তাকে কূৰ্ত্তাকা এইস্যাই হাল হ্যেয়।” মটৰৰ বেগ ড্ৰাইভাৰৰ উত্তৰৰ লগে লগে দুগুণে বাঢ়িল।
বহুত পৰলৈকে বাহিৰলৈ মূৰ উলিয়াই নৰেশ্বৰে কুকুৰটোলৈ চাই গ'ল। চাৰিওটা ভৰি ওপৰলৈ তুলি ঘ্যেং ঘ্যেং কৰি বাটৰ মাজতে পৰি আছে; পেটৰ নাৰী-ভূৰি ওলাই চাৰিওপিনে তেজৰ ডোঙা বান্ধিছে। মটৰ গাটো নিশ্চয় তেজৰ চেকা লাগিছে; তাকে চাবলৈ বাহিৰলৈ মূৰ উলিৱা দেখি ড্ৰাইভাৰে হুকুমৰ সুৰত কলে, “মাথা বাহিৰ মত কৰনা; চোট লাগেগা।”
নৰেশ্বৰে মূৰ ভিতৰলৈ সুমুৱাই আওজি চকু জপালে; বহুত পৰলৈকে কুকুৰটোৰ ঘ্যেং ঘ্যেং আৰ্ত্তনাদ স্কুলৰ বলিয়া ঘণ্টাৰ দৰে তাৰ কাণত বাজি আছিল। “ৰাস্তা'কা কূৰ্ত্তাকা এইসা হাল হ্যেয়’—এইষাৰ কথায়ো নতুন তাৎ- পৰ্য্যয়েৰে তাৰ অনুভূতিত ক্ৰিয়া কৰিলে। সিও বাটৰ কুকুৰহে। মেমচাহাবৰ মনত এই দুৰ্ঘটনাই কি ক্ৰিয়া কৰিলে, তাৰ ঘূৰি চাবৰ মন হ'ল; নোৱাৰিলে। আগত যোৱাৰ এয়ে দুৰ্কপাল; পিছত কি হৈছে চাব নোৱাৰি; তথাপি মানুহে আগবাঢ়িবলৈহে বিচাৰে।
চহৰৰ আলিত সোমোৱাৰ লগে লগে মটৰ গতি সংযত হ'ল; বাটৰুৱাক সাৱধান কৰিবলৈ ড্ৰাইভাৰে ঘনে ঘনে হৰ্ণ বজালে। দুয়ো পিনে শাৰী পাতি থকা দোকানবোৰৰ আহল- বহল এখনৰ সমুখত মটৰ ৰখাই ড্ৰাইভাৰে দুৱাৰ মেলি দিলে৷