সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সেউজী পাতৰ কাহিনী

পাহৰিও সি এষাৰ অসমীয়া নেমাতে; তেওঁলোকৰ আগত অসমীয়া কোৱা অসম্মানজনক বুলি ভাবে। হিন্দী ভাষাই সম্ভ্ৰম মৰ্যাদা উভয়কে সূচায় বুলি তাৰো ধাৰণা। সেইহে মটৰৰ ষ্ট্ৰিয়েৰিঙত হাত দিয়েই গহীন হোৱা ড্ৰাইভাৰৰ মুখৰ পৰা মটৰৰ হুবহুৰ শব্দৰ লগত মিলখোৱা হুটামুটা হিন্দী বাতহে ওলায়।

 “ইয়েছ,, ইয়েচ্।” চানগ্লাচ লগোৱা সেউজীয়া চকুৰে নৰেশ্বৰলৈ চালে।

 নৰেশ্বৰলৈ পোন্দোৱাকৈ চাই ড্ৰাইভাবে কলে, “হা কৰকে কিয়া দেখতা; দেৰ হ যায়েগা। উঠ।”

 আগৰ চিটৰ দৰ্জাখন মেলিব নেজানি নৰেশ্বৰ কাষতে থিয় দি আছিল; ড্ৰাইভাৰে খুলি দিয়াত সি কুচি-মুচি কোনো পিনে নোচোৱাকৈ ড্ৰাইভাৰৰ কাষ চাপি বহিল। গিয়েৰ টানিবলৈ অসুবিধা পাই, ড্ৰাইভাৰে খঙত তাৰ আঠুটো ঠেলামাৰি দিলে; তাৰ খংটো ঠেলাটোত মূৰ্ত্ত হৈ উঠিল। নৰেশ্বৰে দুৱাৰৰ ওচৰলৈ আঁতৰি মেল খোৱা আঠু দুটাক দুই হাতেবে মেৰাই ধৰিলে। চেলফ, ষ্টাৰ্টত ছাবি ঘূৰাই চুই দিলে, ... এটাৰ পিছত সিটো গিয়েৰ সলনি হল; স্পিডো মিটাৰ কাঁটাডালে দহ মাইল, পোন্ধৰ মাইল, কুৰি মাইল পয়ত্ৰিচ মাইল, তাৰ পিছত অগা পিছা কৰি চল্লিছ মাইল সংখ্যাটো স্পৰ্শ কৰিলে।

 মটৰৰ দৌৰত নৰেশ্বৰৰ মূৰ ঘূৰিবলৈ ধৰিলে; দুৰ্ঘটনাৰ

৮০