সেউজী পাতৰ কাহিনী
ফুলবোৰে যেন তেওঁৰ চিত্ৰ বিচিত্ৰ ফ্ৰকত চুমা খাইছে; চাহ গছৰ মাজত খোজ কাঢ়োতে পিন্ধা গছ পাতৰ ছবি থক ফ্ৰকটো দেখি অনুমান হয় তেওঁ জানিবা পাত ছিঙিব লগা হোৱা সেউজীয়া চাহ গছ জোপাহে। মটৰত ফুৰিবলৈ যাওঁতে পিন্ধা সাজটোত উৰণীয়া পখিলা জনী যেন দেখি।
যথা সময়ত গেটত মটৰ থিয় হলহি; নৰেশ্বৰো ওচৰ চাপিল। চকুত সেউজীয়া চচ্মা, মূৰত পাতৰ মেলাহি টুপি, হাতত বেগ লৈ মেমচাহাব বঙলাৰ খটখটিয়েদি নামি আহিল! ড্ৰাইভাৰে মটৰৰ দৰ্জ্জা মেলি কঁকাল বেঁকাকৰি ‘গুডমৰ্নিং’ বুলি চালাম জনালে। মিচেছ মিলাৰে গদীত টপিনাটো থৈ চাৰিওপিনে উৰি যোৱা ফ্ৰকটোৰ কাষবোৰ তপিনাৰ তল আক দুই কৰঙনৰ মাজলৈ হেচি দিলে। চচ্মা জোৰ চকুৰ পৰা খহাই বেগৰপৰা আঙুলিৰ মাজতে লুকুৱা আইনাখন উলিয়াই মুখখন চালে; হাতৰ সৰু ৰুমালখনৰে ওঠ দুটাত বহল হৈ পৰা ৰংখিনি মছি চুটি কৰিলে; আধানিমান ফনিখনৰে চকুৰ চেলাউৰি ফনিয়ালে। আটাইবোৰ বস্তু পুনৰ বেগত সুমুৱাই কলে— “চল”।
ড্ৰাইভাৰে দৰ্জ্জা বন্ধ কৰি সুধিলে, “নৰেশ্বৰ ভি যায়েগা মেমচাহেব?”
ড্ৰাইভাৰটো বাগিছাতে ডাঙৰ হোৱা; নিজৰ ভাষা নেজানে। অসমীয়া, উজনীয়াতকৈ লেনীয়াইহে কয়—যেন কমলাবৰীয়া সত্ৰৰ শিষ্যহে। কিন্তু চাহাব মেমৰ সমুখত
৭৯