সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সেউজী পাতৰ কাহিনী

হাফপেন্ট আৰু কামিজটোলৈ চাই মিচেচ মিলাৰে কলে,— “তোমাৰ কাপোৰ ময়লা; কাপোৰ ধুই লব লাগে।” তাক পিছত টেবুলৰ ঔষধৰ বটলটোৰ পৰা পিল এটা ডিঙিত পেলাই লগতে পানী এঢোক খাই, গিলাচটো নৰেশ্বৰৰ হাতত দি কলে,—“ময়লা কাপোৰ পিন্ধি ভাল লাগে?”

 নৰেশ্বৰে গিলাচটো হাতত লৈ একো উত্তৰ নিদি শৰীৰ খীণাবলৈ মেমচাহাবে সদাই পুৱাতে কিয় দৰবৰ পিল খাই তাকেহে চিন্তা কৰিলে।

 “আজি টাউনলৈ যাম। তোৰ কাপোৰ কৰিব লাগিব। দহ বজাত চোফাৰক গাড়ী হাজিৰ কৰিবলৈ কৈ দিবি।”

 নৰেশ্বৰে 'ভেৰিগুড মেমচাহাব' বুলি ৱাৰ্ড-ৰ’বৰ আইনা মছাত লাগিল। দীঘল আইনাখনত তাৰ গাৰ পিন্ধা কাপোৰ অধিক-মলিয়ন দেখিলে। সেই পৰিষ্কাৰ পৰিবেশত নিজৰ লেতেৰা কাপোৰত নিজৰে ঘিণ লাগিল। নতুন সাজ কাপোৰে মানুহক কিমান সুন্দৰ কৰে, সি এই কেইদিনতে উপলব্ধি কৰিলে। দিনটোৰ বিভিন্ন সময়ত মিচেচ মিলাৰে বিচিত্ৰ ৰঙৰ কানি- কাপোৰ পিন্ধা সি লক্ষ্য কৰিছে। বেলিৰ পোহৰৰ উজ্জ্বলতাৰ তাৰতম্যৰ লগত ৰজিতা খুৱাই দিনটোৰ বেলেগ বেলেগ সময়ত তেওঁ কানি কাপোৰ সলায়। কাপোৰৰ বৰণ আৰু পিন্ধাৰ ধৰণৰ পৰাই মেমচাহাব ফুলনিত ফুৰিবলৈ যাবনে চাহগছৰ মাজে মাজে খোজ কাঢ়িব অথবা মটৰ গাৰীত যাব বুজিব পাৰি। ফুলনিত ফুৰিবলৈ যাওঁতে পিন্ধা পোছাক দেখি অনুমান হয়

৭৮