সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সেউজী পাতৰ কাহিনী

অসমীয়া ইংৰাজী মিহলি সৰু সৰু পুথি কেইখনমান কিতাপ থোৱা ৰেকত নৰেশ্বৰে দেখিছে। মেমচাহাবে তাৰ লগত অসমীয়া কয়। সৰু লৰা-ছোৱালীৰ আধা-ফুটা মাতৰ দৰে কথাবোৰে কাণত সোৱাদ লগায়। বহু ক্ষেত্ৰত মেমচাহাবে প্ৰয়োজনৰ বেলিকা যথাৰ্থ অসমীয়া শব্দ বিচাৰি নেপাই আকাৰ-ইঙ্গিতৰ লগত ইংৰাজী হিন্দী প্ৰয়োগ কৰে। কুঠৰীৰ কামত সোমোৱাৰ তৃতীয় দিন মিচেচ মিলাৰে আবেলি ফুৰিবলৈ ওলাওঁতে চান গ্লাচ জোৰ বিচাৰি চকুত হাত দি—“স্পেক্ স্পেক্” চিঞৰিলে। নৰেশ্বৰে ভাবিলে মেমচাহাবৰ চকুত কুটা সোমাল। কি কৰিব নকৰিব বুজিব নোৱাৰি মুখৰ দৰে ভেবা লাগি সি তেওঁৰ মুখলৈ চাই ৰল।

 “গ্লাচ, গ্লাচ বিচাৰিব লাগে।”

 নৰেশ্বৰে তথাপিও বুজা নাই, ভাবিছে কিজানি পানী খোৱা গিলাচ বিচাৰিছে। মিচেচ মিলাৰে চকুৰ সমুখত আঙুলি কেইটা ঘূৰাই চিত্ৰ এটাৰ সংকেত দিলে। কি বিচাৰিছে নৰেশ্বৰে পিছ মুহূৰ্ত্ততে বুজিলে। ৰাতিপুৱা ফুলনিত চকী মেজ পাৰি বহি মেমচাহাবে উল গুথিছিল; মেজত পৰি থকা কলা চচমা জোৰ সি দেখিছিল। ফুলনিলৈ লৰ মাৰি গৈ নৰেশ্বৰে যথা স্থানৰ পৰা চচমাজোৰ উদ্ধাৰ কৰি আনি মেমচাহাবৰ হাতত দিলে। কৃতজ্ঞতাৰ হাঁহিৰে মেমচাহাবে কলে;— “থেংকিউ, ভেৰি ক্লেভাৰ।”

 শনিবাৰে পুৱা কুঠৰী পৰিষ্কাৰ কৰিবলৈ আহোতে নৰেশ্বৰৰ

৭৭