সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সেউজী পাতৰ কাহিনী

দিন খুৰ লগোৱা নাছিল; বাওঁহাতৰ আঙুলিৰ আগৰে ঠাইখিনি লিৰিকিলে; নাপিতে নোমৰ সঁচ ৰখা নাই। ওঠৰ ওপৰত সৰু সৰু নোম উঠিছে; অহা বাৰলৈ নাপিতৰ হতুৱাই খুৰাব নেকি? হাত আৰু মুখৰ ৰং মিলাই চালে; মুখৰ ৰং বেছি উজ্জ্বল৷ গাৱঁত মানুহে তাৰ গাৰ বৰণ বগা বুলি কয়; বগা ৰং কাক কয় মিচেচ মিলাৰক দেখি সি এতিয়াহে বুজিলে। বৰণৰ জ্ঞান নোহোৱা গাৱঁলীয়া মানুহৰ অজ্ঞতাৰ কথা ভাবি তাৰ হাঁহি উঠিল। আইনাখনত ওলোৱা চেহেৰাটোৰপৰা ওখ কিমান হৈছে, চিন্তা কৰিলে; কেই আঙুলিমান বাঢ়িলেই বাপেকৰ সমান ওখ হব; বাপেক গাৱঁৰ ভিতৰত ওখ-পাখ মানুহ। বাপেকৰ কথা মনত পৰাৰ লগে লগে অনেক কথাই তাৰ অন্তৰত জুমুৰি দি ধৰিলেহি; বুধুয়ে কান্ধত হাত দিয়াত চক খাই উভতি চাই নিজৰ তন্ময়তাত নিজৰে হাঁহি উঠিল।

 “আইনাত ঘূৰি ঘূৰি কি চাইছ? নিজৰ চেহেৰা পছন্দ হৈছে?”

 নৰেশ্বৰে তলমূৰকৈ আলমাৰি মছাত মন দিলে —বুধুয়ে যাতে তাৰ মুখখনৰপৰা একো অৰ্থ কৰিব নোৱাৰে। খুন্দা খোৱা মানুহে দুখ লুকুৱাবলৈ ইচ্ছা কৰাব দবে সিও জোৰ কৰি মুখলৈ হাঁহি আনিলে।

 “তোৰ চেহেৰা বেয়া; ভালকৈ চলিবি, বাগিছাৰ গাভৰু এই চেহেৰাৰ পিছে পিছে ঘূৰিব হলে।”

 নৰেশ্বৰে মাথোন গৰ্ব্বত হাঁহিলে।

৭৪