সেউজী পাতৰ কাহিনী
মছিবলৈ লাগিল। তাৰ সাধাৰণ বুদ্ধিৰে সেই দুখন মছাই সহজ বুলি অনুমান কৰিলে।
গাৰ মখমলীয়া কম্বলখন আঁতৰাই মুখত আধা শেষ হোৱা চিগাৰেটৰ সৈতে মিচেচ মিলাৰে বিছনাৰপৰা উঠিয়েই ছটি জোতাজোৰত ভৰি সুমুৱালে। চকী মছি থকা নৰেশ্বৰে কেৰাহিকৈ তেওঁলৈ চালে। গাত নক্সাকটা পাতল কাপোৰৰ পেণ্ট-কোট; কোটৰ মাজেদি বুকুখন জোঙা হৈ জিলিকি পৰিছে। মিচেচ মিলাৰ ওখ আলমাৰিটোৰ আইনাখনৰ সম্মুখত থিয় হল; মূৰৰ চুলি হাতৰ আঙুলিৰে সজাই আলমাৰি মেলি চিত্ৰ-বিচিত্ৰ হলৌ চোলা এটা উলিৱাই গাত সুমুৱাই আগৰ চিগাৰেটটোৰ গুৰি ডোখৰ টেবুলৰ বাতিটোত পেলাই অন্য এটা চিগাবেট মুখত জ্বলাই বাহিৰ ওলাল। ইতিমধ্যে নৰেশ্বৰেও চকী মছ৷ শেষ কৰি আইনাৰ আলমাৰিটোৰ আগত থিয় হলহি। ভৰিৰপৰা চুলিলৈকে শৰীৰটো চাব পৰা আইনা আগেয়ে সি দেখা নাছিল। নিজৰ শৰীৰৰ আকৃতি-প্ৰকৃতি, গঢ়-গঠন কেনেকুৱা নৰেশ্বৰৰ নিজৰে সুস্পষ্ট ধাৰণা নাছিল; নিজৰ সম্পূৰ্ণ শৰীৰটো আইনাত ওলোৱাত তাৰ চকুয়ে মুখে হাঁহিব ৰেখা বিবিঙিল। প্ৰথমেই সি চুলিকোছালৈ চালে; নাপিতে
কালি বৰ চুটিকৈ কাটিলে; গাৱঁত কেতিয়াও ইমান চুটিকৈ কটা নাছিল। বাওঁ হাতখন চুলিৰ চাৰিওপিনে ফুৰালে; চুলি কটাৰ ফেচনটোও ভাল নেলাগিল; কাণৰ তলত দুই গালৰ পিনে অলপ নোম গজিছিল। বাপেকৰ নিষেধতহে ইমান
৭৩