সেউজী পাতৰ কাহিনী
কথা তই ভাবিব নেলাগে। চাহাবে তোক নিবিচাৰে। চাহাব
ৰাতিপুৱাই ওলাই যাব, বাৰ বজাত আহি ডিনাৰ খাই শুব।
আকৌ তিনি বজাৰপৰা পাচ বজালৈ অফিচ কৰিব। ৰাতি
হয় অকলৈ, নহয় মেমচাহাবক লৈ ক্লাবলৈ যাব। চাহাবক
তই দেখাই নেপাবি।”
“বুজিছ নবেশ্বৰ, চাহাবৰ মতাবোবেহে খাটি খাটি মৰে।
তিৰোতাবোৰৰ একো কামেই নাই। কিতাপ পঢ়িব, উল
গুথিব, বংবেৰঙৰ কাপোৰ পিন্ধি ক্লাবত নাচিবলৈ যাব। ”
বহমতে কলে।
“আমাৰ কলা মানুহৰ দৰে পাইছনে? আমাৰ মানুহে
গোসানী পূজা কবে; ইপিনে তিৰোতাজনী ঘৰলৈ অনা
দিনৰেপৰা বেটীৰ দবে খটুৱাব; ফলীয়া বাঁহৰ কোবত
হাড় ডাল ডাল কৰিব।” বুধুয়ে একে উশাহে শেষ
কৰিলে।
“বিয়া নকৰাই আমাৰ ভালেই হল দে, দেৱী গোসানী
অনাও নহল, বেটী কৰাও নহল।” ছাইখিনি গুচাবলৈ
চিগাৰেটটো জোকাৰি ৰহমতে কলে।
“এতিয়া আপচোচ্ হৈছেনে কি?”
“কিহৰ আপচোচ? ভালকৈ খুৱাব-পিন্ধাব নোৱাৰিলে
তিৰোতা এজনী আনি ৰাতি দিন দন খৰিয়ালৰহে বাঁহ হল-
হেঁতেন। বুজিছ বহমত, বিয়া টোপনি অহাৰ পিল নহয়;
বিয়াগুলি গিলি দিলেই জীৱনত সুখৰ টোপনি নাহে।”সাঁচ:Rh।।৬৫