সেউজী পাতৰ কাহিনী
-গছৰ গুৰিতেই সাৰ হৈ আছে।” পুৰণি কথাৰ সোঁৱৰণত
বুধুৰ ভাষা আৱেগময়ী হ'ল; তৃপ্তিত কথাখিনি শেষ কবি বুবুৰে
গাটো বিছনাত শান্তিবে হলাই হাত দুট৷ পিছলৈ মেলি দিলে।
“বুজিছ,” বুধুয়ে ওপৰলৈ মুখ কৰি আকৌ আৰম্ভ
কৰিলে, – “কিছুদিন থাকিলে তোৰো বাগিছা এৰিবৰ মন
নোযোৱা হব। বাগিছাৰ সেউজীয়া ৰঙত কিবা নিচা আছে!
ইয়াত পৰিশ্ৰম কৰিলেও মতা-তিৰোতাৰ ভাগৰ নেলাগে; পেট
ভবাই খাবলৈ নেপালেও দেহা ভালে থাকে; দুখীয়া হৈও মানুহে
ৰং-ৰহইচ নাচ-গান কৰে।”
অন্তৰ উচ্ছ্বাসত কোৱা বুধুৰ শেষৰ কথা খিনিয়ে নৰেশ্বৰক
অভিভূত কৰিলে। অন্ধকাৰৰ মাজতে নৰেশ্বৰে শাল গছৰ দৰে
বুধুৰ সৰল দেহাটোলৈ লক্ষ্য কৰিলে; বুধুৰ মুখত শান্তি
আনন্দ। বুধুৰ কাহিনী শেষ হওঁতে নৌহওঁতেই হাতত
লেম্প লৈ ৰহমত কুঠৰীত সোমাল বেৰব হাঁকোটাত লেম্পটে
আঁৰি মাত দিলে, “ভূতৰ দৰে আন্ধাৰত ফিচ ফিচ কৈ কি
কথা পাতিছ? মেমচাহাবৰ মন যোগাবলৈ নৰেশ্বৰক দিহ
পৰামৰ্শ দিছনেকি?” বহমতে মূৰৰ বগা টুপীটো সোলোকাই
নিজৰ বিছনাত বহি মুখত চিগাৰেট এটা জ্বলালে।
“সেই বোৰ ওলোৱা নাই।” নৰেশ্বৰলৈ চকু 'ঘূৰাই বুধুয়ে
-- সমৰ্থনৰ সুৰত সুধিলে, – “তোৰ নাম নৰেশ্বৰ?”
নৰেশ্বৰে মূৰ দুপিয়ালে।
“কালিৰ পৰা বাপেৰ মাৰে দিয়া নবেম্বৰ নাম নেথাকে
৬২