সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সেউজী পাতৰ কাহিনী

গছৰ গুৰিতেই সাৰ হৈ আছে।” পুৰণি কথাৰ সোঁৱৰণত বুধুৰ ভাষা আৱেগময়ী হ’ল; তৃপ্তিত কথাখিনি শেষ কৰি বুধুৱে গাটো বিছনাত শান্তিৰে হলাই হাত দুটা পিছলৈ মেলি দিলে।

 “বুজিছ,” বুধুয়ে ওপৰলৈ মুখ কৰি আকৌ আৰম্ভ কৰিলে, – “কিছুদিন থাকিলে তোৰো বাগিছা এৰিবৰ মন নোযোৱা হব। বাগিছাৰ সেউজীয়া ৰঙত কিবা নিচা আছে! ইয়াত পৰিশ্ৰম কৰিলেও মতা-তিৰোতাৰ ভাগৰ নেলাগে; পেট ভৰাই খাবলৈ নেপালেও দেহা ভালে থাকে; দুখীয়া হৈও মানুহে ৰং-ৰহইচ নাচ-গান কৰে।”

 অন্তৰ উচ্ছ্বাসত কোৱা বুধুৰ শেষৰ কথা খিনিয়ে নৰেশ্বৰক অভিভূত কৰিলে। অন্ধকাৰৰ মাজতে নৰেশ্বৰে শাল গছৰ দৰে বুধুৰ সৰল দেহাটোলৈ লক্ষ্য কৰিলে; বুধুৰ মুখত শান্তি আনন্দ। বুধুৰ কাহিনী শেষ হওঁতে নৌহওঁতেই হাতত লেম্প লৈ ৰহমত কুঠৰীত সোমাল বেৰৰ হাঁকোটাত লেম্পটো আঁৰি মাত দিলে, “ভূতৰ দৰে আন্ধাৰত ফিচ ফিচ কৈ কি কথা পাতিছ? মেমচাহাবৰ মন যোগাবলৈ নৰেশ্বৰক দিহা পৰামৰ্শ দিছনেকি?” ৰহমতে মূৰৰ বগা টুপীটো সোলোকাই নিজৰ বিছনাত বহি মুখত চিগাৰেট এটা জ্বলালে।

 “সেই বোৰ ওলোৱা নাই।” নৰেশ্বৰলৈ চকু ঘূৰাই বুধুয়ে সমৰ্থনৰ সুৰত সুধিলে,—“তোৰ নাম নৰেশ্বৰ?”

 নৰেশ্বৰে মূৰ দুপিয়ালে।

 “কালিৰ পৰা বাপেৰ মাৰে দিয়া নৰেশ্বৰ নাম নেথাকে

৬২