সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সেউজী পাতৰ কাহিনী

কত লাগিল কোনেও বুজিব নোৱাৰিলে। বাঘিনীয়ে হাওৰিয়াই হাওৰিয়াই খেদি আহি চাঙলৈকে জঁপিয়ালে। গৰ্ণিচাহাব থৰ-থৰ কৈ কঁপিল; চাহাবৰ হাতৰ বন্দুক ভয়ত সৰি পৰিল। বুধুৰ দদায়েকে হাতৰ লেম্পটোৰ ফিটাডাল বঢ়াই পোহৰাই ললে; বুধুৰ বাপেকে তাৰে পোহৰত বিহলগা কাঁড় মাৰি পঠিয়ালে; কাঁড়পাতে গৈ জাপ মাৰিবলৈ চেষ্টা কৰা বাঘিনীৰ বুকু-পিঠি শালি পেলালে। হাওঁৰিয়াই হাওঁৰিয়াই বাঘিনীয়ে গছৰ তলতে দীঘল দিলে। মৰা বাঘটো বাগিছাত চকুৰ আগত দেখাৰ পিচতহে মতা-তিৰোতাৰ ভয় ভাগিল।

 বুধুৰ দীঘল কাহিনী মাত-বোল নকৰাকৈ শুনি ভয়ৰপৰা ত্ৰাণ পোৱাৰ দৰে নিশ্বাস পেলাই নৰেশ্বৰে সুধিলে, “চাহ বাগিছাৰ লগত তোমালোকৰ মানুহৰ বহুত দুখ গৈছে?”

 “কৈছহেনে? এই যে শাৰী শাৰী চাহ গছ দেখিছ—এই বোৰ আছিল জাৰণি; হাতী বাঘ কত যে বনৰীয়া জন্তু ইয়াত চৰিছিল। দেও-ভূতৰতো কথাই নাছিল। দেও-ভূত বনৰীয়া জন্তুৰ লগত যুঁজ বাগৰ কৰি আমাৰ কিমান মানুহ মৰিল; হাত ভৰি ভাঙি কিমানে কষ্ট খালে। মাকৰ বুকু খাই ডাঙৰ হোৱা কেচুৱাৰ দৰে, কুলিৰ তেজ চুহিহে চাহ গছ লহপহীয়া হয়। সেই কাৰণেইতো বাগিছাত এবাৰ সোমালে, বাগিছাৰ মোহ এৰি অন্য ঠাইলৈ যাবৰ মন নেযায়। প্ৰত্যেক জোপা চাহ গছৰ লগতে আমাৰ তেজ মঙহৰ সম্বন্ধ; আই- বোপাই দদাই খুড়াৰ জীৱনৰ সুখ-দুখ, আনন্দ পৰিশ্ৰম চাহ

৬১