সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সেউজী পাতৰ কাহিনী

মানুহ ফেঁটি সাপৰ খোঁটত নমৰিল!” বুধুয়ে হাত চাধা যিনি পুনৰ দাঁতৰ গুৰিত সুমুৱাই কলে, – “সাপ নেলাগে, বাঘ-হাতীৰ জানো কম উৎপাত আছিল?”

 ওচৰ চাপি শুনিলে অধিক উপভোগৰ হয়; উৎকৰ্ণ হৈ শুনি শুনি নৰেশ্বৰ বুধুৰ কাৰ চাপি গ'ল। শুনোতাৰ আগ্ৰহত পূৰ্ব্ব কাহিনী বৰ্ণনাত বুধুৰো আনন্দ বাঢ়িল। জিভাৰ আগৰে চাধাখিনি দাঁতৰ গুৰিত ভালকৈ গুজি বাঘে দিনতে বস্তিত সোমাই কি উপদ্ৰৱ কৰিছিল তাৰ কাহিনী আৰম্ভ কৰিলে। পোৱালী পোৱা বাঘিনী এজনীয়ে এবাৰ মানুহ গৰু মাৰি উৎপাত কৰাৰ কথা বুধুৰ মনত আছে। বাঘৰ ভয়ত লাইনৰ মানুহে ফুট গধুলিতে দুৱাৰৰ দাং মাৰি ঘৰত সোমায়; সন্ধিয়া বাগানৰপৰা লাইনলৈ ওভোতা বনুৱাক কেইবাদিনো থপিয়াইছিল। এদিন এটাৰ কৰঙ্গনৰ এডোখৰ এৰুৱাই চাহগছৰ মাজেদিয়েই দীঘল দীঘল জাপ মাৰি নোহোৱা হ'ল। বাঘৰ ভয়ত বেলিৰ পোহৰ থাকোঁতেই বনুৱাই বাগিছাৰ কাম এৰি ঘৰ সোমোৱা হ'ল৷ লগত মানুহ লৈ গৰ্ণিচাহাবে ওচৰ পাজৰৰ হাবিত বাঘ বিচাৰি চলথ কৰিলে। কিন্তু দিনৰ ভিতৰত বাঘৰ ক'তো ছাঁটোও নেদেখে, অথচ ৰাতি কাৰো নহয় কাৰোৰ চোতালৰপৰা গৰু-ছাগলী লৈ যায়। বাঘৰ উপদ্ৰৱত পাত-তোলা কাম বন্ধ হবলগীয়া হৈছিল; চাৰিও কাষে মুনিহ মানুহ নহলে তিৰোতাই পাত তুলিবলৈ আহিবলৈ সাহ নকৰে; লৰা ছোৱালীও যতে তাতে এৰিব নোৱাৰা হ'ল। এদিন৫৯