সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সেউজী পাতৰ কাহিনী

পৰা মূৰলৈকে তন্ন তন্নকৈ চালে; প্ৰকাণ্ড অজগৰ সাপৰ মূৰটো তললৈ ওলমি থকা চকুত পৰিল; দেখা মাত্ৰকে চাহাবে যীশুৰ নাম লৈ আঁতৰিল। বুধুৰ বাপেকে লৰালৰিকৈ চাহাবৰ হাতৰপৰা বন্দুকটো লৈ ঘোৰা টিপিলে। সাপ মৰিল; কিন্তু গছৰ গুৰিৰপৰা ওপৰলৈকে অকাই-পকাই মেৰাই থকা সাপটো আঁতৰোৱা মহা সমস্যা। বাঁহৰ জোঙেবে খুঁচি খুঁচি কোনো মতৰেহে পাক এৰুৱাই দহ-বাৰজন মানুহে সাঙ্গি কৰি লাইনলৈ কঢ়িয়াব পাৰিছিল।

 ভূত সাধু শুনাৰ দৰে নৰেশ্বৰে ভয়-উৎসুকেৰে বুধুৰ কথা শুনিছিল। দাঁতৰ গুৰিৰ চাধাখিনি উলিয়াবলৈ বুধু ক্ষন্তেক ৰোৱাত নৰেশ্বৰে কৌতুহল হৈ শুধিলে, —

 “সাপটো পিছে কি কৰিলে?”

“কি কৰিব? সাপ পূজা হ'ল; চাৰিগাওঁৰপৰা বামুনে আহি ধুম-ধামেৰে পূজা পাতিলে। এ সপ্তাহ কাম-কাজ বন্ধ; নাচ-গান ভোজ। তেতিয়াৰপৰা বাগিছাত সাপ পূজাৰ আৰম্ভ হ'ল।”

 “বাগিছাত সাপ এতিয়াও আছেনেকি?” সৰুৰেপৰা সাপলৈ ভয় কৰা নৰেশ্বৰে সংশয়ত সুধিলে।

“সাপ-সুপ এতিয়া ক'ত থাকিব? হাবি-জঙ্ঘলৰ কিবা চিন-চাব আছে জানো? দৰৱত দিবলৈকো ফেঁটি সাপৰ মূৰ এটা বিচাৰি পাবলৈ নাই। অথচ, উই হাফলুৰ মাজত এই বাগিছাতে কমবোৰ ফেঁটি সাপ নেমাৰিলোঁনে? আমাৰ কত

৫৮