সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সেউজী পাতৰ কাহিনী

বাপেক মাক দদায়েক মোমায়েকহঁতৰ সৈতে গণিচাহাবৰ দিনতে ৰাঁচী জিলাৰপৰা সিহঁত বাগিছালৈ গিৰমিটিয়া হৈ আহিছিল। নতুন বাগিছাৰ গছ গছনি, হাবি জঙ্ঘল কটা বনুৱাৰ মাজত বুধুৰ বাপেক চৰ্দাৰ আছিল। জাৰনি বাগিছা দৈত্যকায় গছৰে জাৰ হৈ আছিল; পোন্ধৰ-কুৰিজন কুলিয়ে দিনটো লাগি এজোপা গছ বগৰাব পাৰিছিল। কোনো কোনো গছত দেও-ভূত লম্ভিছিল; কুকুৰা-ছাগলী বলি দি পূজা-পাতল আগবঢ়াইহে সেইবোৰ গছত কুঠাৰৰ ঘা মাৰিব পাৰিছিল। গৰ্নিচাহাবে নিজেই পূজা পাতলৰ খৰচ দিছিল—বুধুৰ সেই বোৰ কথা কিছু কিছু এতিয়াও মনত আছে। এবাৰ এজোপা গছত কুঠাৰ মাৰোঁতে তেজৰ আছাৰেকনিয়ে কুঠৰীয়াহঁতৰ গা-মূৰ ৰাঙলি কৰিলে। ভয় খাই য’ৰে কুঠাৰ ততে এৰি গছ নেকাটো বুলি আটাইবোৰে লাইনলৈ লৰ দিলে। মহৰী বাবুয়ে বহুত বঢ়াই-বুজায়ো কাকো গছ কাটিবলৈ মান্তি কৰাব নোৱাৰিলে। বৰ বাবুয়ে নিজে আহি পূজাৰ খৰচ দহ টকা দিলে; গছ কাটিবলৈ ৰাজী নহৈ টকা ঘূৰাই দিলে। গণিচাহাবে হাতত দুই নলীয়া বন্দুক লৈ বুধুৰ বাপেকৰ লগত নিজেই গছৰ গুৰিলৈ গ'ল; গছৰ গুৰিত তেজ ডোঙা বান্ধি থকা দেখি দুয়ো আচৰিত হ'ল চাৰিওপিনে লতা-পাতেৰে আগুৰি থকা ঠাই; গছৰ তলত বেলিৰ পোহৰ পৰিবলৈ অন্ধি-সন্ধি নাই—ৰাতিৰ অন্ধকাৰ দিনতে। গৰ্ণিচাহাবে কলঘৰৰ লণ্ঠন জ্বলাই গছজোপাৰ গুৰিৰ

৫৭