সেউজী পাতৰ কাহিনী
সদায় মানি অহা বিশ্বাস এটা হঠাতে ভাঙিবলৈ তাৰ ভয় হৈছিল; অথচ মুহূৰ্ত্তৰ পৰিচয়তে ৰহমত ইমান আপোন হৈ পৰিছিল যে তাৰ অনুৰোধ ৰক্ষা নকৰিলে স্নেহৰ অমৰ্য্যাদা হব বুলি নৰেশ্বৰৰ সৰল মনে বুজিছিল। মানুহৰ অন্তৰত বীণাৰ দৰে কেইবাড়ালো তাঁৰ থাকে; কেতিয়াবা কোনোবা ডাল মৃদু কঁপনিত বাজি উঠে। ৰহমতৰ স্নেহ পৰশে নৰেশ্বৰৰ অন্তৰ কঁপাই তুলিলে; নৰেশ্বৰে ভাতত মুখ দিলে।
ৰাতিৰ কথাবোৰ গুণা-গঁথা কৰি থাকোঁতেই হাতত চাহ- জলপান লৈ ৰহমত কোঠাত সোমাল। কান্ধত পেলাই অনা খাকী হাফ্পেন্ট আৰু বগা কামিজ এটা নৰেশ্বৰৰ গালৈ দলিয়াই দি কলে, “মেম চাহাবে দিছে।”
নৰেশ্বৰে কাপোৰ কেইটা নতুননে পুৰণি লিৰিকি বিদাৰি চালে। পূৰ্ব্বৰ অৱস্থা নাই যদিও নৰেশ্বৰহঁতে লোকে পিন্ধা কাপোৰ আজিও নিপিন্ধে। প্ৰাচীন আভিজাত্য চূৰমাৰ কৰি সি নিজেই নতুনকৈ নিজৰ ভাগ্য ৰচনা কৰিবলৈ আহিছে। ভাগ্যৰ আৰু বা কিমান পৰিবৰ্ত্তন ঘটে? এটা এটাকৈ কত নিষিদ্ধ কাম কৰিব লাগিব? পুৰণি নীতি নিয়ম ভাঙিব লাগিব? সি ঘৰ এৰা নাই,— সংগ্ৰামলৈহে যেন ওলাই আহিছে। কথাটো ভাবি তাৰ হাঁহি উঠিল।
চাহ জলপানৰ কাপ-ঠাল জোবা নৰেশ্বৰৰ হাতত তুলি দি ৰহমতে নিৰ্দেশৰ সুৰত কলে, “পেন্ট-কামিজ পিছত পিন্ধিবি, এতিয়া চাহ খাই ল।”
৫৩