সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সেউজী পাতৰ কাহিনী

সি আনন্দৰেই সুৱঁৰিলে। যোৱা ৰাতি ৰহমতে তাক ভাত খাবলৈ অনুৰোধ কৰোতে–ভোক নাই বুলি একো নেখাই সি শুই থাকিব খুজিছিল। ৰহমতেহে বৰকৈ বুজোৱাত দুগৰাহমান মুখত দিলে। ৰহমত খানচামা মুছলমান; বয়সীয়া মানুহ। মৰমিয়াল; নিজৰ কানি-কাপোৰৰেই সি নৰেশ্বৰক বিছনা এখন কৰি দিছিল। ভাতৰ থালখন আগবঢ়াই দি ৰহমতে কৈছিল,— “পেটটো প্ৰথম কথা; পেটক সন্তুষ্ট কৰিব পাৰিলেই জাতি-ধৰ্ম্ম ৰক্ষা কৰিব পাৰিবি। পেটৰ কাৰণেই সকলোৱে দেহা মাটী, তেজ পানী কৰি, ৰাতি-দিন খাটি মৰে। খাই বৈ লৈ কালিৰপৰা কামত লাগি যাবি।”

 “আজি নেখাওঁ, ভাবি-চিন্তি কালিলৈ যি হয় কৰিম।” নৰেশ্বৰে কৈছিল।

 ৰহমতে সৰুতে বহু দুখ কষ্ট অভাৱ অনাটন পাই আহিছে; পেটৰ পোৰণিৰ কি যন্ত্ৰণা সি জীৱনত বহুবাৰ উপলব্ধি কৰিছে। নৰেশ্বৰ তাৰ লগত একে কুঠৰীতে শুব অথচ ওৰে ৰাতি লঘোণে থাকিব⸺ৰহমতৰ সহ্য নহল। ভাতৰ থালখন নৰেশ্বৰৰ হাতত তুলি দি সি কৈছিল, – “মুছলমানৰ হাতৰ খালে জাত যাব বুলি ভয় কৰিছ? মুছলমান খৃষ্টান জানো মানুহ নহয়? কুকুৰ মেকুৰীয়েও নিজৰ জাতক ঘিণ নকৰে। মানুহে মানুহক ঘিণ কৰা জানো ভাল? তহঁতৰ হিন্দুৰ জাতটো ইমান দুৰ্ব্বলনে মুছলমানৰ ৰন্ধা খালেই নষ্ট হব?”

 ৰহমতৰ যুক্তি তৰ্কলৈ নৰেশ্বৰৰ অৱশ্যে কাণ যোৱা নাছিল।

৫২