সেউজী পাতৰ কাহিনী
থৈ আহোঁগৈ৷” ভনীয়েকৰ লগত দুখোজমান দলঙাৰ পিনে গৈ পুনৰ ঘূৰি আহি লখুয়ে নৰেশ্বৰক সুধিলে, “তোৰ নাম কি?”
“নৰেশ্বৰ।”
“মই লখু। আমি পুৰণা লাইনৰ মানুহ। লখুৰ ঘৰ বুলিলেই মানুহে চিনাই দিব। ৰাতি খাই-বই আমাৰ লাইনত আহিবি। লাইনৰ মানুহৰ লগত চিনাকী হব।” বন্ধুত্বৰ হাঁহি এটা এৰি থৈ লখু নৈৰ যুঁৱলিলৈ গ'ল। ভায়েক ভনীয়েকহঁতে ইতিমধ্যেই লেখি লেখি খালৈত মাছ ভৰোৱা শেষ কৰি।
“দলঙা ইয়াত নেপাতো। আগৰ ঘূলিটোৰ ওচৰলৈ নিওঁ, বল। ইয়াত ডাঙৰ মাছ নুঠেই।” ককায়েকৰ উত্তৰলৈ বাট নেচাই চনিয়াই নিজে নিজেই হুৰ হুৰকৈ পানীলৈ দলঙাখন টানি নিলে।
“চনিয়া, ৰ, ৰ। গছৰ পাত কিছু সুমুৱাই দিওঁ। নহলে মাছ সৰকি যাব। আহ্ আহ; দুখু টিপু তহঁত মোৰ লগত আহ। গছৰ ডাল কঢ়িয়াবি।” চনিয়া আৰু জিতেৰীক দলঙাৰ ওচৰত থৈ বাকী তিনিটা ওচৰৰ জাৰণিলৈ গছৰ ডাল-পাত আনিবলৈ গ'ল।
যি বাটেই আহিছিল সেই বাটেই নৰেশ্বৰ ঘূৰি গ'ল; চাৰিও পিনে পোহৰৰ সৌৰভ বিয়পি পৰিছে। ওখ ওখ জোপোহা গছবোৰৰ শিৰত সূৰ্যাৰ পোহৰ জলমলাইছে; উৰি যোৱা চৰাইৰ পাখিত সোণালী ৰহন। সূৰ্য্যোদয়ৰ সৌন্দৰ্য্য নৰেশ্বৰে জীৱনত