সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সেউজী পাতৰ কাহিনী

সিহঁত থকা ঘৰটোৰপৰা কিছু আঁতৰত ডাঙৰ টিনৰ চাং বঙলা এটা; চাং বঙলাৰ আগ পিছ দুয়ো বাৰণ্ডা তাঁৰব জালেৰে বেৰা। সিহঁত থকা ঘৰত আৰু কেইটামান কুঠৰী আছে; তাৰ এটাৰো দুৱাৰ মেলা থোৱা নাই। নৰেশ্বৰে এখোজ দুখোজকৈ তাঁহাতৰ ঘৰৰ পিনে থকা সৰু কাঠৰ গেটখন মেলি বাট ওলাল। বাটত মানুহৰ সমাগম নাই; নিশা কলঘৰত পহৰা দিয়া হলৌ চোলা পিন্ধা পহৰাৱালা দুটাই হাতত হাৰিকেন লণ্ঠন, বাঁহৰ টোকোন লৈ তাৰ কাষেদিয়েই গল। দুয়োটাই নৰেশ্বৰলৈ সন্দেহৰ চকুৰে চালে। পহৰাৱালা দুটাক আগবাঢ়িবলৈ দি, সি তাহাঁতৰ পিছ ললে। অলপ দূৰ যোৱাৰ পিছত বাটত দুই-চাৰিজন মানুহ ওলোৱা দেখিলে; এজনে ভোট এড়াৰ ঠাৰিৰে দাঁত ঘঁহি ঘঁহি সুৰসুৰীয়া বাট এটাত আগবাঢ়িছিল, সঙ্গ লাভৰ আশাত নৰেশ্বৰে তাৰ পিছ ললে। সৰু জাৰণিখনৰ মাজেদি যোৱা বাটটোয়েদি ক্ষন্তেক যোৱাৰ পিছতে নৈ এখন দেখিলে। মানুহটো জাৰণিৰ মাজতে অদৃশ্য হ'ল। নৰেশ্বৰে লাহে লাহে নৈৰ কাষ পালেগৈ।

 লৰা ছোৱালী কেইটামানে নদীৰপৰা দলঙা এখন পাৰলৈ টানি উলিয়াইছিল। নৰেশ্বৰে দূৰৈৰপৰাই চালে; দলঙা টনা লৰা এটা ওখই পাখই তাৰ সমানেই হব; লগত সৰু সৰু লৰা দুটা, ছোৱালী দুজনীও। ডাঙৰ ছোৱালী জনীয়ে দলঙাৰপৰাই নৰেশ্বৰলৈ বগলিৰ দৰে ডিঙি মেলি চালে। সমবয়সীয়াৰ আকৰ্ষণে নৰেশ্বৰক লৰা ছোৱালী কেইটাৰ কাষলৈ টানি নিলে।

৪৪