সেউজী পাতৰ কাহিনী
নোসোধা নোপোছাকৈ বাপেকে তাক মাৰ ধৰ কৰাত সি দুখ পোৱা নাছিল; তেনে শাস্তি সি বহুবাব খাইছে। যৌৱনৰ দুৱাৰদলিত থিয় দিব খোজা নৰেশ্বৰৰ অন্তৰত অপমান, অভিমান ক্ষোভ মৰিশালীৰ সৰ্ব্বভুক জুইৰ দৰে দপদপাই জ্বলি উঠিল মাতৃস্নেহা মালতীৰ অকাৰণ অপমানত। নিৰ্দ্দয় বাপেকৰ অত্যাচাৰৰপৰা চিৰদিনৰ কাৰণে হাত সাৰিবৰ বহু পন্থাৰ কথাকে নৰেশ্ববে ভাবিলে। শেষত নিজৰ পিন্ধা কাপোৰ দুডোখৰমান লৈ ওজাৰ ঘৰৰ শেষ সন্তান ৰাতিতে পৈতৃক ভেটীৰ পৰা পলাল। নৰেশ্বৰ কলৈ পলাল—কোনেও নেজানিলে।
তিন
ৰাতিটো নৰেশ্বৰে সাৰসুৰ নোহোৱাকৈ ঘঁৰিয়াল পৰা দি বিছনাত পৰি থাকিল। ঢলপুৱাৰ লগে লগে ঘৰৰ চালত ঘন চিৰিকাৰ কিলকিল কোলাহলত ধৰমৰ কৈ উঠি বহিল। চকু মোহাৰি মোহাৰি সি নো ক'ত আছে সুঁৱৰিবলৈ চেষ্টা কৰিলে। কাষৰ বিছনাত শুই থকা ৰহমতক দেখি ৰাতিব ঘটনালৈ চাঁত কৰে মনত পৰিল। লাহে লাহে উঠি দুৱাৰখন মেলি বাহিৰ ওলাল। সেউজীয়া বাগিচাৰ ওপৰত অকণ অকণকৈ সোণালী পোহৰে সৌৰভ ছটিয়াইছে; চাৰিও পিনৰ ঘৰ দুৱাৰ, গছ গছনিবোৰ কেতিয়াও নেদেখা দৃশ্যৰ দৰে সি ঘূৰি ঘূৰি চালে।