সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সেউজী পাতৰ কাহিনী

ধীৰে-সুস্থিৰে ডাল-পাত জোৰা লগাই নৰেশ্বৰৰ গাৰ দোষ এৰুৱাই কথাটো বাপেকক জনোৱাৰ আলতীৰ ইচ্ছা। হেলাত কাৰ্য্য নষ্ট—অপেক্ষা কৰিবলৈ প্ৰেম মান্তি নহল। নৰেশ্বৰৰ গাত সৰ্ব্ব কলঙ্ক আৰোপন কৰি, হব খোজা শহুৰেকৰ আগত প্ৰেমই ঘটনাটো বিৱৰিলে। তেজত বংশৰ উগ্ৰতা দোষ আছে; দেৱেশ্বৰে মুহূৰ্ত্ত ৰব নোৱাৰিলে; নৰেশ্বৰক মালতীৰ ঘৰৰপৰা চো চো কৰে টানি উলিয়াই মাৰ-ধাৰ কৰিলে। মালতী আৰু নৰেশ্বৰে ঘটনাটো কি প্ৰথমে ভালকৈ বুজিবই পৰা নাছিল। দেৱেশ্বৰৰ গৰ্জ্জনিত দুই-এটা ইঙ্গিত প্ৰকাশ পোৱাত তাৰেপৰা ঘটনাটো কিছু ধৰিব পাৰি মালতী পাথৰৰ মূৰ্ত্তিত ৰূপান্তৰিত হল; এনে এটা মিছা কলঙ্কৰ ৰটনাত চকুপানীৱো সীহৰ দৰে গোট মাৰিলে।

 তাতকৈ ভনীয়েকক বেচি আদৰ কৰে বুলি সৰুৰে পৰা নৰেশ্বৰৰ বাপেকলৈ হিংসা; অধিক স্নেহ সি পাইছিল—মাকৰ পৰাহে। মাকৰ মৃত্যুত সেই মৰমৰপৰা বঞ্চিত হল; তদুপৰি মাক মৰা সৰু ছোৱালী বুলি বাপেকেও পিতৃহৃদয়ৰ সকলো মৰম উজাৰি দিছিল আলতীৰ ওপৰত। নৰেশ্বৰৰ ভাগ্যত পৰিল বাপেকৰ শাসন, নিৰ্দ্দেশ, উপদেশ; তাৰে পালনৰ তিল পৰিমাণ ক্ৰটীতে বাপেকৰপৰা ডাবি-হুকি, মাৰ ধৰ খাব লগা হোৱাত নৰেশ্বৰ স্বভাৱতে পিতৃবিদ্বেষী হৈ উঠিছিল। বাপেকৰ নিষ্ঠুৰ শাসনৰ মাজত মালতীৰ ওচৰতে মাকৰ পৰা হেৰোৱা মৰম ফেৰা পাবলৈ সি আশা কৰিছিল।

৪২