সেউজী পাতৰ কাহিনী
বিহিলে—এয়ে গঞাৰ ধাৰণা হল। নৰেনৰ ঘৰৰ লগত দেৱেশ্বৰহঁতৰ সনাপিঠাও মানুহে সহিব নোৱাৰিছিল; সঁচাই- মিছাই নানা কথা ৰটিছিল। ধন-সম্পত্তি বৃদ্ধিৰ লগে লগে মানুহৰ শত্ৰুৰ সংখ্যাও বাঢ়ে। অকস্মাতে এদিন ওজাৰ ঘৰ স্বৰ্গদেৱৰ কৃপাত ধন-সম্পত্তিৰে জয়জয় ময়ময় হোৱাত চকু চৰহা এদল মানুহে হকে-বিহকে তেওঁলোকৰ বিৰোধিতা কৰিলে। সেই দিনৰপৰা যশ-গৌৰৱৰ লগে লগে ওজা পৰিয়ালৰ নামত নানা অপবাদ অপযশ জড়িত হল। বেজালি কৰি ওজাঘৰে ৰাজ কাৰেঙত নেলাগে সাধাৰণ ঘৰতো গৰ্ভপাত ভ্ৰূণ হত্যাত লিপ্ত থকা একেবাৰে মিছা নহয়; ওজা পৰিয়ালৰ ডেকা-গাভৰুৰ অবৈধ প্ৰণয় কাহিনীৰ বিষয়েও মানুহে কোৱাকুই কৰে। ওজা পৰিয়ালে নিজেই সাপ হৈ খোটে, বৈদ্য হৈ জাৰে। তুঁহ জুইৰ দৰে এইবোৰ মানুহৰ মনত উমাই উমাই জ্বলি থাকে; বতাহ পালে কেতিয়াবা সৰ্ব্বগ্ৰাসী হয়। অপবাদ প্ৰমাণ কৰিব নেলাগে; বিনা বিচাৰেই মানুহে বিশ্বাস কৰে। সীতাৰ নিৰ্ব্বাসনো এনে স্বতঃসিদ্ধ অপবাদৰে ফল।
নৰেনৰ বিধবা গাভৰুজনীৰ ঘৰলৈ দেৱেশ্বৰে অহা-যোৱা কৰা কথাটো চুবুৰীয়াৰ চকুত বিষসমূহ লাগিছিল। গাৱঁত বৰলা থাকিলে বিধবা নষ্ট হয়। নৰেশ্বৰেই বা ৰাতি-দিন মালতীৰ ওচৰত পৰ দি থকাৰ দৰ্কাৰ কি? সাপৰ সৰুবৰ নাই। নৰেশ্বৰ ৰখীয়া নোহোৱা হেঁতেন চৰিত্ৰহীন গাৱঁৰ দুই-চাৰিজন ডেকাই মালতীৰ কাষ চাপিবলৈ চেষ্টা কৰিব পাৰিলেহেঁতেন;