সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
সেউজী পাতৰ কাহিনী


  “কিহৰ জগৰত যাম হে? তাই বোলে গিৰিয়েকৰ আগতে ঠেঙত ঠেং তুলি কিতাপ পঢ়ে?”

  “মাষ্টৰনী হব খুজিছে হবলা? এতিয়া সেই ফেবাহে ৰৈছেগৈ।”

  “আথকুৰীয়া জনীয়ে বোলে চহৰৰপৰা আহিবই নুখুজিছিল?”

 “তুমিও ভাল দেও; আহিব খুজিব কিয়? চহৰত জানো ৰসৰ ৰহঘৰা নাই?”

 পুখুৰীৰ পানীত বৰশীটো পেলাই, নাচনি পোক এটাই নাচি নাচি পানীৰ বুৰ বুৰণি তোলা নৰেশ্বৰে ধ্যান মগ্নতাৰে চাই আছিল। তাৰ কাষেদিয়েই গাঁৱৰ বোৱাৰী জীয়ৰীয়ে কাষত কলহ-গাগৰি লৈ ঘাটত উঠা নমা কৰিছে। হঠাতে দুজনীমান তিৰোতাৰ কথাত নৰেশ্বৰৰ ধ্যান ভাঙিল।

 “দেখিছা তাইৰ ভেম?”

  “কাৰ কথা কৈছা?

 “কাৰ কথা কম আৰু? নৰেনৰ সেই পাত। কালি গোপীনী সবাহত সেৱা এটা জনাবলৈও তাই আহিব নেপাইনে?”

 “নিজৰ দোষত নিজে ধ্বংস পাব। আপোন পাপে মৰে বিৰাটৰ ভাই, ডাক দিয়া ভীমে বোলে মোৰ দোষ নাই।”

 মাজৰাতি অকস্মাতে এই অভিশাপৰ কথা মনলৈ অহাত নৰেশ্বৰৰ অন্তৰ কঁপি উঠিল। শীঘ্ৰে আৰোগ্য নৰেনে লভক,

মালতীৰ মুখলৈ সহজ আনন্দ ঘূৰি আহক—চকু মুদি নৰেশ্বৰে

৩৪