সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/৩৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সেউজী পাতৰ কাহিনী

ওপৰত মাজৰাতিৰ নিশাই মৌনতাৰ ডাৱৰীয়া চন্দ্ৰতাপ তৰি দিছিল। সেই অন্ধকাৰৰ মাজেদি নতুন পোহৰৰ সন্ধানত নৰেশ্বৰে নিশব্দ যাত্ৰা কৰিলে। তাৰ অভিক্ৰমণত মৰ্ম্মৰ ধ্বনিৰে সংকেত জনাবলৈ বাটত শুকান পাত এখিলা ও পৰি থকা নাছিল। টোপনি কাতৰ আলিটো সাৰ-সুৰ নোহোৱাকৈ চাহ বাগিছাৰ মাজতে দীঘলদি শুই আছিল। চাৰিওপিনে গভীৰ নিদ্ৰাৰ অন্ধকাৰ, মুৰ্চ্ছিতা নাৰীৰ নীৰৱতা। সেই নিসঙ্গ নীৰৱতাৰ মাজত সাৰ পাই আছিল মাত্ৰ জোনজনী —নৰেশ্বৰক চনিয়াৰ পথৰ সংকেত দিবলৈ।


৩৯১