সেউজী পাতৰ কাহিনী
—দেখাত স্বতন্ত্ৰ। এজনীৰ লগত অন্য জনীৰ চেহেৰা-পাতিৰ মিল নাই। ৰাতিৰ এন্ধাৰত সকলো মেকুৰীকে কলা দেখাৰ দৰে প্ৰেমতপৰা সকলো নাৰীৰে অন্তৰ একে পদাৰ্থেৰে নিৰ্ম্মিত। ভালপোৱা, প্ৰেম নিৱেদনৰো যে কত কলা-কৌশল! দুখ-অপমানত জৰ্জ্জৰিত হৈ নৰেশ্বৰে নিমিষ চিন্তা কৰিলে—সেই দুৰ্য্যোগত তাৰ কি কৰ্ত্তব্য। অকস্মাতে তাৰ সমাধান চিৰপৰিচিত মুখ এখনিয়ে কৰি দিলে। ঘৃণা-বিৰক্তিয়ে আন্ধাৰ কৰা মুখখন নেদেখা জনৰ পৰশত উজ্জ্বল হল। মিলাৰৰ কোঠাটোত সোমাই, তাৰ বিছনাত পৰি থকা দুই-চাৰি পদ বস্তু তুলি লৈ সি সমুখৰ গেটটোয়েদি বাটলৈ ওলাল। হিন্দুস্থানী পহৰাৱালাই “কোন হ্যায়” বুলি মুখলৈ টৰ্চ মাৰি মুখখন চিনি পাই কলে, “নৰেশ্বৰ, এ ৰাত মে তুম কাঁহা যাও?”
“বতাহ লবলৈ।” অন্যমনস্কভাৱে কথাষাৰ কৈ নৰেশ্বৰ গুচি গল। ইমানপৰ নৰেশ্বৰৰ উশাহ-নিশাহ বন্ধ হৈ আছিল, বাহিৰৰ মুকলি চেঁচা বতাহত নৰেশ্বৰে বাধাহীনভাৱে উশাহ লব পাৰিলে।
“নৰেশ্বৰ তুম্ ভি চাৰাপ পিনে লাগা।” নৰেশ্বৰৰ গাৰপৰা ওলোৱা মদৰ গোন্ধ নাকত লগাত চকীদাৰে হতাশভাৱে আকৌ কলে, “বাগিছাকা এইচেহি হাল হেয়, ইচকা হাওয়াসে চাহাব-মেম, বাবু-কুলি সব ভি মাতাল হো যাতা।” পহৰাৱালাই নিজৰ মুখতে ভোৰ-ভোৰাই পায়চাৰি আৰম্ভ কৰিলে।
হাঁহি-ধেমালিৰ উৎস, যৌৱনৰ ক্ৰীড়াভূমি সেউজী বাগিছাৰ
৩৯০