সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/৩৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সেউজী পাতৰ কাহিনী

মিচেচ মিলাৰ বলিয়া হল—নৰেশ্বৰে উপলব্ধি কৰিবলৈ চেষ্টা কৰিলে। নাৰীৰ চকু-পানীত অজেয় হৃদয় কুমলিল; জীৱন ধুমুহাত ক্ষত-বিক্ষত হোৱা অবলা তিৰোতা গৰাকীলৈ তাৰ অনুকম্পা জন্মিল। নিজৰ ডিঙিৰপৰা আলফুলকৈ তেওঁৰ হাত দুখন এৰুৱাবৰ যত্ন কৰি সি কলে, “মেমচাহাৰ, শান্ত হওক; বলিয়ালি কৰি নিজকে অসন্মান অপবিত্ৰ নকৰিব, দেহটো দেৱতাৰ মন্দিৰ, নেপাহৰিব।”

 “অপবিত্ৰ, অপবিত্ৰ; কিহৰ অপবিত্ৰ? দেহৰ লগত দেহৰ সম্বন্ধ কি অপবিত্ৰ?” ডিঙিৰপৰা বাহুৰ বান্ধোন মোকোলাই নৰেশ্বৰৰ হাতত ধৰি আজুৰিলে। নৰেশ্বৰ অচল, অটল — নিশ্বাসহীন পাথৰৰ মূৰ্ত্তি; নাৰীৰ কাতৰ অনুনয়, সেই মূৰ্ত্তিৰ ওচৰত বাৰে বাৰে ব্যৰ্থ হ'ল। অসংযত তৃষ্ণা, বুকুভৰা আকুলতাৰে মিচেচ মিলাৰে নৰেশ্বৰৰ চকুলৈ পুনৰ চালে। শান্ত নিৰ্বিকাৰ বেদনাহীন নৰেশ্বৰৰ চকুৰ দৃষ্টি। আকৌ এবাৰ মিচেচ মিলাৰে

নৰেশ্বৰৰ ওঠত মুখ লগাবলৈ চেষ্টা কৰিলে; বাৰে বাৰে কলঙ্কিত হোৱাৰ ভয়ত নৰেশ্বৰে ঠেলা মাৰি দিলে। কঁকালৰপৰা সুলকি পৰা ড্ৰেচিং গাউনৰ ফিটাডালে ভৰিত জোঁট লাগি ধৰিলে; নৰেশ্বৰৰ সামান্য ঠেলাতে মিচেচ মিলাৰৰ অস্থিৰ ভৰি পিছলিল। ভুজঙ্গীৰ দৰে ফণা মেলি মিচেচ মিলাৰ ফোঁচ-ফোঁচাই উঠিল; চিৰকাল আনৰ ওপৰত আধিপত্য কৰা যিনাৰীৰ স্বভাৱ, নগণ্য ডেকা এটাৰ সম্পূৰ্ণ অগ্ৰাহ্য আৰু অবাঞ্ছনীয় হোৱাত, সেই নাৰী জ্ঞানশূন্য হোৱা স্বাভাৱিক।

৩৮৮