সেউজী পাতৰ কাহিনী
হাওৰিয়াই নৰেশ্বৰৰ দেহত জপিয়াই পৰি গালে মুখে চপ্ চপ চুমা খাবলৈ ধৰিলে। নৰেশ্বৰ বিস্মিত, বাকহীন! মদৰ নিচাত অকৰণীয় একো নাই; তিৰোতাক ই অসতী কৰে; বগা মেমক কলাতকৈও অধম কবে—নিষ্প্ৰাণ হৈ নৰেশ্বৰে ভাবিলে।
“নৰেশ্বৰ, তই ধুনীয়া আছ, সুন্দৰ আছ; তোক মোৰ বৰ ভাল লাগিছে। বল, পলাই যাওঁ।” আদিম নাৰীৰ উচ্ছৃঙ্খল সঙ্গম-লিপ্সাৰ চুমাৰে নৰেশ্বৰৰ চকু-গাল-মুখ বুৰাই দিলে। নিজৰ সমগ্ৰ দেহটো নৰেশ্বৰৰ দেহত লগাই দুই হাতেৰে তাৰ ডিঙি মেৰাই ধৰিলে—কাঁচিৰ ফাঁচত নৰেশ্বৰৰ শ্বাসৰোধৰ উপক্ৰম হল। জোৰ কৰি দেহ-সম্ভোগৰ চেষ্টা কৰাত ঘৃণা-খঙত নৰেশ্বৰে থৰ-থৰকৈ কঁপিবলৈ ধৰিলে। এলি চেইমুৰৰ অপবিত্ৰ দেহৰ উত্তাপ তাৰ শৰীৰৰ য'তে লাগিল সেই ঠাই দেই পুৰি গ'ল। তাৰ এটি হাতে অৰ্দ্ধদগ্ধ ডিঙিত সাপৰ দৰে মেৰাই ধৰা এলি চেইমুৰৰ হাত দুটা এৰুৱাবলৈ চেষ্টা কৰিলে; মেম- চাহাবৰ তীব্ৰ মদগন্ধীয়া ওঠৰপৰা পৰিত্ৰাণ পাবলৈ আনটো হাতেৰে নিজৰ মুখত সোপা দিলে।
নৰেশ্বৰৰ প্ৰতিবাদত নাৰীৰ কাতৰ কণ্ঠেৰে মিচেচ মিলাৰে কলে, “নৰেশ্বৰ, মই কি কলী ছোৱালীহঁতকৈ সুন্দৰ নহওঁ? মোৰ প্ৰেম কি কুলি ছোৱালীৰ প্ৰেমতকৈ মিঠা নহয়?” অনুনয়ত তিৰোতাৰ ব্ৰহ্মাত্ৰ দুই চকুয়েদি নৰেশ্বৰৰ গালত বাগৰি পৰিল। তপত চকুলো— চকুলো নহয়, ঘাৰ ঘিণলগা পুঁজা। কিমান অপমান, অত্যাচাৰ, অনাদৰ, অশান্তি মনৰ দুখত