সেউজী পাতৰ কাহিনী
“বেচ্ বেচ্, লাজ লাগিছে? তই মোক চুৰ কৰিবলৈ
আহিছ?” টৰ্চটো টিপামাৰি বন্ধ কৰি মেজৰ ওপৰৰ লেম্পটো
উজ্জ্বলাই আকৌ প্ৰায় নিৱেদনৰ মাতেৰে আহ্বান কৰিলে,
“আহ, আহ, ওচৰ চাপি আহ। তোৰ কাৰণে মই সাৰে
আছো।” মিচেচ মিলাবৰ চকুত দংশন উদ্যত দৃষ্টি।
ভয়-বিস্ময়ত নৰেশ্বৰ থৰ-থৰকৈ কঁপিল। সি লাহেকৈ চকু তুলি মিচেচ মিলাৰলৈ লক্ষ্য কৰিলে। চুলি আউলি-বাউলি; উত্তেজনাত মুখ জৱাফুল বৰণীয়া হৈছে; চিকাৰৰ ওপৰত জপিয়াই পৰিবলৈ ধৰা বাঘিনীৰ দৰে চকু-মুখৰ অৱস্থা। মিলাৰ চাহাবৰ মেমৰ চেহেৰা ইমান কুৎসিত বুলি সি কল্পনাই কৰা নাছিল।
ভয়ে-ঘামে জুৰুলি জুপুৰি হৈ নৰেশ্বৰে কলে, “মেমচাহাব, আপুনি বেছিকৈ মদ খালে; শুই থাকক।”
“মোক এলি বুলিবি”, মিচেচ মিলাৰে নৰেশ্বৰৰ সমুখলৈ আগুৱাই আহি পশুৰ দৰে তাক পাবলৈ বিচাৰি কলে, “তই মোক দেৱী বুলি কৈছিলি নহয়; এতিয়া মোৰ ওচৰলৈ নাহ কিয়?”
“দেৱীক আমি মাতৃ ৰূপে পূজা কৰোঁ, অন্য ভাৱে চোৱা পাপ, মেমচাহাব।” মিচেচ মিলাৰ যাতে প্ৰকৃতিস্থ হয় সেই বুলিয়েই নৰেশ্বৰে মেমচাহাব শব্দটোত জোৰ দিলে। “পাপ, পাপ, পাপ! পাপ-পূণ্যৰ বিচাৰ কৰিবলৈ এই ৰাতি তোক মতা নাই।” উত্তেজিত হৈ আভিজাত্যৰ গৌৰব, নাৰীৰ
সন্মান সংকোচ সম্ভ্ৰম মুহূৰ্ত্তলৈ পাহৰি চাৰ্কাচৰ বাঘিনীৰ দৰে
৩৮৬