আকৌ এটা ইনজেক্চন দি গলহি; ৰাতিৰ ঔষধৰো ব্যৱস্থা
দিলে। ৰাতিও যন্ত্ৰণাৰ উপশম তিলমানো নহল। ওৰে
নিশা মালতীয়ে নৰেনৰ শিতানত থিৰ হৈ বিচনী মাৰিয়েই
থাকিল। কপালৰ কাপোৰৰ পতিখন সলাবলৈ মাজে মাজে
মাথো বিচনীৰ বিশ্ৰাম। ৰাতি পৰ দিবলৈ নৰেশ্বৰো আছিল;
কিন্তু বিচনীখন খন্তেকৰ কাৰণেও নৰেশ্বৰৰ হাতত দিবলৈ
মালতী মান্তি নহল। ধীৰ-স্থিৰ উদ্বেগবিহীনভাৱে নিষ্পলক
নেত্ৰে নৰেনৰ মুখলৈ চাই গোটেই ৰাতি মালতীয়ে যন্ত্ৰৰদৰে
বিচনী মাৰিয়েই থাকিল। ক্ষীণভাৱে জ্বলি থকা লেম্পটোৰ
পোহৰত নৰেশ্বৰে মাজে মাজে মালতীৰ কৰুণ মুখখনিলৈ চালে।
মালতীৰ সেই মুখখন দেখি নৰেশ্বৰৰ বহুত কথাই মনলৈ
আহিল। গাৱলৈ উভতি অহাত গাৱঁৰ তিৰোতাই মালতীক
কম নিৰ্যাতন কৰিছেনে? মালতীৰ সাজ-পোছাক, চাল-চলন,
কথা-বতৰা সকলোতে খুঁত। নামঘৰত, গোপীনী সবাহত, পানী
আনিবলৈ যাওঁতে পুখুৰী পাৰত — চুবুৰীয়া তিৰোতাই মালতীব
কুৎসা ৰটনা কৰা বহুত দিন নৰেশ্বৰেই শুনিছে। সেই টুকুৰা
টুকুৰ কথাবোৰে নিশাৰ মৌনতাৰ মাজত নৰেশ্বৰৰ অন্তৰত উদয়
হৈ তোলপাৰ লগালে। সন্ধিয়াপৰত নৰেশ্বৰে খিৰতী গাইজনী
ঘৰলৈ খেদাই আনোতে বাটৰ কাষত থিয় দিয়া দুগৰাকী তিৰোতাৰ
মাজত হোৱা কথা-বতৰাখিনি নৰেশ্বৰৰ মনত পৰিল।
“কোন ফালৰ পৰা আহিলা? নৰেনৰ সেইজনীৰ তালৈ
গৈছিলা নেকি?”
৩৩