সেউজী পাতৰ কাহিনী
“এলি, তুমিও যোৱা উচিত।” লাহেকৈ চেইমুৰৰ
কিলাকুটিত ধৰি হেচুকি দিলে। তৃতীয় গিলাচৰ বাকী থকা কণ
শেষ কৰি চেইমুৰে মুখ মছিলে। বহীত নাম চহী কৰি বাজ
ওলাবলৈ উপক্ৰম কৰি বয়ক নিৰ্দেশ দিলে, “চিগাৰেট।”
তাচ খেলৰ মেজত এৰি অহা মিচেচ মিলাৰৰ বেগটো আৰু এটিন আব্দুলা চিগাৰেট, মটৰৰ কাষত ৰৈ থকা নৰেশ্বৰৰ হাতত বেহেৰাই দিলেগৈ। মিচেচ মিলাৰে বেগৰপৰা টকা এটা উলিয়াই বয়লৈ দলিয়াই দিলে। মটৰ ষ্টাৰ্ট হোৱাৰ লগে লগে “গুড়, নাইট মেমচাহাব” বুলি কপাললৈকে হাত তুলি বয়ে চেলাম ঠুকিলে।
কেইগজমান চলাৰ পিছত গিয়েৰ সলোৱাত ঘটংকৈ শব্দ হল; মেমচাহাবে দুৰ্ঘটনা ঘটালে বুলি নৰেশ্বৰৰ বুকু চিৰিংকৈ কঁপিল, মেমচাহাবে ষ্টিয়াৰিঙত হাতৰ মুঠি কঠিন কৰিলে; লগে লগে সোঁ ভৰিটো এক্চিলেটৰত হেচি দিলে—গাৰীৰ বেগ বাঢ়িল। ওখা-মোখৰা বাৰিষাৰ বোকা বাটত দ্ৰুতগতিৰে যোৱা মটৰ থৰ-থৰকৈ কঁপিবলৈ ধৰিলে। বতাহৰ সোঁ সোঁ শব্দৰ লগত ইলেকট্ৰিক হৰ্ণৰ দীঘল ৰৱ মিহলি হোৱাত মটৰৰ দ্ৰুতগতি দ্ৰুততৰ হোৱা নৰেশ্বৰৰ অনুমান হল।
“চিগাৰেট!” গাৰীৰ বেগ কমাই মিচেচ মিলাৰে চিগাৰেটৰ কাৰণে সামান্য ভাৱে ওঠ মেলি দিলে। টিনৰপৰা চিগাৰেট উলিৱাই নৰেশ্বৰে লৰালৰিকৈ মেমচাহাবৰ ওঠত দিলে।
“জ্বলাই দে।” গাৰীৰ গতি হ্ৰাস হল। দুটা-তিনিটা
৩৮২