সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/৩৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সেউজী পাতৰ কাহিনী

কলে, “বেচি কথা কয় নহয়নে? লোকৰ কলঙ্ক-অপবাদ চৰ্চ্চি আমোদ পায়।”

 “অসভ্য!” নাক সিকতাই এলি চেইমুৰে সমৰ্থন কৰিলে।

 “গিৰিয়েক বোলে হীন জাতৰ হিন্দু।”

 “মোৰো তেনে অনুমান।”

 বেহেৰাই দুয়োৰে হাতত মদৰ গিলাচ তুলি দিলে। চেইমুৰে একে ঢোকতে এক পেগ শেষ কৰি পুনৰ ভৰাবলৈ গিলাচটো বয়ৰ আগলৈ আগ বঢ়ালে। মেগডেলিনে অকণ অকণকৈ গিলাচত চুমুক দি বয়ক নিৰ্দেশ দিলে, ‘চ’ডা’৷ চ’ডা নিমিহলোৱাকৈ দ্বিতীয় গিলাচ শেষ কৰা দেখি মেগডেলিনে কলে, “তুমি বৰ খৰ কৰিছা, চাবা; অপকাৰ কৰিব।”

 “বৰ মূৰৰ কামোৰণি।” গিলাচত বাকী থকাখিনিৰ লগত চ'ডা মিহলাবলৈ বয়ৰ পিনে গিলাচটো এলি চেইমুৰেও আগবঢ়ালে।

 “তুমি নিজে গাৰী চলাই আহিছা?”

 “ওঁ, লগত বয় আহিছে।”

 “আৰু নোখোৱাই ভাল। বেচি খালে গাৰী চলোৱা বিপদজনক।”

 ইতিমধ্যে বেহেৰাই চেইমুৰৰ গিলাচত পেগ ঢালি দিছিল। মেগডেলিনে বয়ক কিতাপ আনিবলৈ নিৰ্দেশ দিলে; কিতাপ অৰ্থাৎ হিচাবৰ বহী পেঞ্চিল আহিল। মেগডেলিনে চহী কৰি এলি চেইমুৰলৈ আগ বঢ়াই দিলে। মেগডেলিন খাবলৈ উঠিল।