সেউজী পাতৰ কাহিনী
“মোৰ কাপতো এক চামোচ।” একেলগে মেগডেলিনেও
মাতিলে।
“কফিৰ কাপত চাৰিও গৰাকীয়ে লাহে লাহে চুমুক দি তাচ খেলত তন্ময় হল।
“মেমহঁতৰ যে অফুৰন্ত অৱসৰ, সেই কথা অকণমানি পিয়লাৰ পৰা কফিখিনি শেষ কৰোঁতে লগা বহল সময়খিনিৰ পৰাই বুজা গল।
“এলি চেইমুৰ মাজে মাজে মূৰ তুলি দুৱাৰমুখলৈ চাই চিন্তিত হৈ পৰিল। পাত পেলাবলৈ পাহৰি দুৱাৰমুখলৈ চাই থকা দেখি এবাৰ মিচেচ পাইপাৰে সুধিলে,
“কাৰোবাক লগ পোৱাৰ কথা আছিলনে কি?” অ-দিনত এলি চেইমুৰ ক্লাবলৈ অহাৰ কিবা গূঢ়াৰ্থ আছে বুলি মিচেচ পাইপাৰে প্ৰথমৰ পৰাই সন্দেহ কৰিছিল। মিচেচ পাইপাৰ বহু বছৰ এই অঞ্চলত আছে; লৰা দুটা যুদ্ধত মৰিছে। তাৰেপৰা আজিকালি বছৰি বিলাতলৈ যোৱা এৰিছে। গিৰিয়েক- ঘৈণীয়েক দুয়োজন কৃপণ বুলি ক্লাবত জনাজাত। আয়তকৈ ব্যয় অধিক হলে মানুহ দৰিদ্ৰ হয় বুলি দুয়োয়ে জানে। সেয়ে তেওঁলোকৰ খৰচৰ মাত্ৰা কম। বাগিছাৰপৰা গিৰিয়েকে অৱসৰ ললে নিজাকৈ মাটী-বাৰি লৈ বাগিছা এখন পতাৰো ইচ্ছা আছে। অৱশ্যে বাৰ্দ্ধক্যৰ ভাৰখন যযাতিৰ দৰে কাৰোবাৰ গাত জাপিব পাৰিলে সকলো চাকৰিয়ালৰ দৰে পাইপাৰৰো আৰু কেইবছৰমান কোম্পানীৰ বোজা ববলৈ ইচ্ছা। মিচেচ
৩৭৮