সেউজী পাতৰ কাহিনী
স্বৰ্গীয়! কাঞ্চিনজংঘাৰ কাষেদি উৰি যোৱা বগলি পাখী বৰণীয়া মেঘমালা দেখিলে নিজৰো এচমকা মেঘ হৈ উৰি যাবৰ ইচ্ছা হয়।” উত্তৰত ইংৰাজী কবিতাৰ উচ্ছ্বাস।
“আমি তিৰোতা জাতি সৰ্ব্বতিকাল মেঘৰ শাৰীৰ; পাতল মেঘৰ দৰে পুৰুষক অকস্মাতে সাবটি ধৰোঁ; কেতিয়াবা অনাহকত গৰ্জ্জন কৰোঁ; আকৌ কেতিয়াবা ধাৰাসাৰ চকুলো বৰ্ষণেৰে বুৰাই পেলাওঁ।” ডথিৰ মন্তব্যত আটাই কেই- গৰাকীয়ে হাঁহিলে।
“মিচেচ পাইপাৰ, পাইপাৰৰ লগত কেইদিনমান দাৰ্জ্জিলিং উপভোগ কৰি নাহাগৈ কিয়? দাৰ্জ্জিলিং ভ্ৰমণৰ এতিয়া উপযুক্ত সময়, বৰষুণ আৰম্ভ হোৱা নাই। বতৰ আমাৰ ঘৰৰ দৰে ( বিলাতৰ ) সেমেকা নহয়, উজ্জ্বল।” বেগৰপৰা টফি উলিৱাই তিনিও গৰাকীক দি নিজেও এটা মুখত ভৰাই মেগডেলিনে কলে।
“অ, মোৰ ভাগ্য! ভাল কথা কৈছা? এই মাহ পাত তোলা গধুৰ হৈছে; ৰাতি-দিন ফেক্টৰি চলিব লাগিছে। পাইপাৰৰ ভাত-চাহ খাবলৈ সময় নাই। কাম, কাম, কাম!” টফিৰ ওপৰৰ কাগজখন এৰুৱাবলৈ চেষ্টা কৰি মিচেচ পাইপাবে উত্তৰ দিলে।
“কলঘৰৰ বাবুবোৰ কলৈ গ'ল?” ডৰথিয়ে প্ৰশ্ন কৰিলে।
“তুমি নাজানা ডৰথি, আমাৰ বাগিছাই কেৱল এফ্, অ, পি,
আৰু বি, অ, পিহে তৈয়াৰ কৰে। কলিকতাৰ নীলামত আমাৰ
৩৭৬