সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/৩৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সেউজী পাতৰ কাহিনী

সংখ্যাৰ শাৰীত বহুৱাই, উত্তৰ মিলাবলৈ মনে মনে চেষ্টা চলিল। এটা মানুহ—এজনী তিৰোতা; এজনী তিৰোতা—এটা মানুহ। এলি চেইমুৰ, বাউন্টি, মিলাৰ; এলি চেইমুৰ, আৰ্থাৰ ওধাম; ডনোভান, এলি চেইমুৰ, এলি চেইমুৰ, হেৰি মৰ্গেন ......। এজন এজনকৈ বিলাতৰ নানা বন্ধুৰ লগত নিজৰ নাম মিলাই চালে। কিন্তু মানুহক গণিতৰ সংখ্যাৰ দৰে যোগ-বিয়োগ কৰি ভাগ-বাটোয়াৰা কৰিব নোৱাৰি। মিচেচ মিলাৰে অতিষ্ঠ হৈ মুখৰ আধাপোৰা চিগাৰেট দলিয়াই দিলে। কপালত দেখা দিয়া ঘামৰ কণিকাবোৰৰ ওপৰত ৰুমালখন হেচি ধৰি ক্ৰৰ হাঁহি মাৰিলে—মিলাৰৰ ওপৰত প্ৰতিশোধৰ হাঁহি। সৰ্পিল সংকল্পত মন স্থিৰ হল; নতুন সংকল্পৰ উন্মাদনাত চিগাৰেট জ্বলাই বগা মেকুৰীজনীৰ দৰে এলি চেইমুৰ জপিয়াই জপিয়াই খটখটিয়েদি তললৈ নামি গল।

 দহ-পোন্ধৰ মাইলৰ ভিতৰত যি কেইখন চাহ বাগিছা আছে তাৰ সকলো চাহাব-মেম এই ক্লাবলৈকে আহে। শুকুৰ-শনি- দেওবাৰে আবেলিৰপৰা মাজ নিশালৈ ক্লাবত নাচ-গান চলে, বায়োস্কোপ দেখুৱা হয়; ভোজ-ভাতৰ লগে লগে প্ৰচুৰ মদ পান। সপ্তাহৰ অন্য কেইদিন নিচেই কাষৰ বাগিছাৰ মেম-চাহাব দুই-চাৰিজনহে তাচ খেলিবলৈ ক্লাবলৈ আহে। ক্লাবৰ কাষৰ বাগিছা হল পাভৈজান। পাভৈজানৰ এচিটেণ্ট মেনেজাৰ স্মিথ নতুনকৈ বিলাতৰপৰা আহিছে; অবিবাহিত

ডেকা মানুহ। মিচেচ মিলাৰে তেওঁক ক্লাবত আগেয়ে লগ

৩৭৩