সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/৩৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সেউজী পাতৰ কাহিনী

বিৰক্তিকৰ। মিচেচ মিলাৰে গানত মন বহুৱাব নোৱাৰিলে। গ্ৰামোফোন বাজি বাজি অৱজ্ঞাত বন্ধ হল—নিচুকাবলৈ যতন নকৰা সন্তানৰ কান্দোনৰ দৰে। হাতত বেজী-সুতা লৈ এলি চেইমুৰ বাৰাণ্ডাৰ ডেক্‌-চেয়াৰত বহিলগৈ; এমব্ৰয়ডাৰি কৰিবলৈ লোৱা কাপোৰখন কোলাতে এৰি আবেলিৰ বৰ্ষণোন্মুখ আকাশখনলৈ আনমনাভাৱে চালে। আকাশে আনন্দই নিদিয়ে, পৰিশ্ৰান্ত প্ৰশ্নৰ সমাধানো দিয়ে। চাওঁতে নেচাওঁতেই গাখীৰৰ দৰে শুভ্ৰ সোৱাদ আকাশখনত কোনোবাই লোণ ছটিয়াই দিলে; ফটা গাখীৰৰ দৰে মেঘবোৰ ডোখৰাডুখৰি হৈ সিঁচৰতি হৈ পৰাত অকস্মাতে আকাশৰ নীলা বহল বুকুখন দৃষ্টিগোচৰ হল। ডোখৰ ডোখৰ হোৱা ডাৱৰবোৰে জৰ-জৰকৈ চকুলো টুকিলে। মিচেচ মিলাৰে সেউজীয়া কলচী পিন্ধা মন্দিৰৰ দৰে নিৰ্ব্বাক হৈ থকা শিৰীষ গছ শাৰীলৈ চালে —অশ্ৰুধৌত নিৰ্জ্জীৱ মূৰ্ত্তি। ক্লান্তিহীন অৱসাদত মিচেচ মিলাৰে ভৰি দুটা মেলি দিলে; বৰষুণৰ টোপালে চিটিকি আহি তেওঁৰ ভৰি চুলেহি। সেই টোপালত তড়িৎ শক্তি; সেই মায়াবী শক্তিতে মিচেচ মিলাৰৰ দেহ-মন স্বপ্নময় আৱেশত বিভোৰ হল। সেই তন্ময়তা ভাঙিল — বঙলাঘৰৰ চিলিঙত আশ্ৰয় লবলৈ অহা শালিকাহালিৰ চি চিয়নিত। শালিকাহালৰ চিঞৰত চঞ্চল হৈ এলি চেইমুৰ আকৌ এগিলাচ মদ খাবলৈ শোৱনী কোঠাত সোমাল।

 আবেলিৰ চাহ-জলপানৰ ট্ৰেখন খোৱা কোঠাত থৈ নৰেশ্বৰে

৩৬৯