সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/৩৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সেউজী পাতৰ কাহিনী

কৰি শুবলৈ গল। টোপনি নাহিল; পৰৰ প্ৰেম-কাহিনীতো মন নবহিল। মনটো ৰঙিয়াল কৰি মনৰ বহু দুখ পাহৰিবলৈ মিচেচ মিলাৰে পুৱাৰেপৰা নানাভাৱে চেষ্টা কৰিছে। কিন্তু মনটোৰ বিষাদ বেজাৰ ধোবাৰ কাপোৰৰ দৰে ধুই উজ্জ্বল কৰিব নোৱাৰি; দুখৰ কথা পাহৰিবলৈ চেষ্টা কৰিলেও মনে নেপাহৰে। মিচেচ মিলাৰৰ বহুত কথাই মনত পৰিল। প্ৰথম সাক্ষাততে এলি চেইমুৰ মিলাৰৰ প্ৰেমত পৰিছিল; প্ৰথম মিলনৰ এসপ্তাহৰ ভিতৰতে স্বদেশ স্বজন পৰিত্যাগ কৰি বাগিছাৰ পৰা ছুটীত যোৱা মিলাৰৰ লগত অসমলৈ আহিবলৈ মান্তি হৈছিল। অসমৰ জঙ্ঘলত আহি অকলশৰীয়ায়ে নহয়; দুঃসহ জীৱন বৰণ কৰিলে৷ কিন্তু মিলাব কি অবিশ্বাসী! বিয়াৰ দুবছৰ হৈছেহে মাথোন, সি পৰ-তিৰোতাত আসক্ত হল। মতা মানুহৰ স্বভাৱেই— নিজৰ তিৰোতাৰ ওচৰত সৰহ সময় থাকিবলৈ বিৰক্তিবোধ কৰে। কলিকতাত কাম আছে বুলি নিজৰ তিৰোতাক অকলে হাবিব মাজত এৰি থৈ লোকৰ তিৰোতাৰ লগত দাৰ্জ্জিলিঙত স্ফূৰ্ত্তি কৰিবলৈ গ'ল। আজি চাৰি মাহ পৰস্ত্ৰীৰ আসক্তিৰ পৰা গিৰিয়েকক ৰক্ষা কৰিবলৈ এলি চেইমুৰে সংগ্ৰাম চলাই আহিছে। ফলত পাইছে অপমান, অসন্মান, অশান্তি। যিমানে ভাবিলে সিমানে ক্ষোভ-হিংসাৰ উত্তাপত এলি চেইমুৰে চট-ফটাবলৈ ধৰিলে। ঘপহকৰে বিছনাৰ পৰা উঠি ডিকেণ্টাৰত মদ ঢালি ললে; গ্ৰামোফোনত ৰেকৰ্ড দিলে; কিন্তু সঙ্গীত বিশেষ মুহূৰ্ত্তৰহে আনন্দ; অসময়ত