সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/৩৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সেউজী পাতৰ কাহিনী

বহলাই দিলে। চকু কেইটা ঘৰব চিলিঙত থৈ ওলাই পৰা ডিঙিত টেমাটো জোকাৰি দিলে; ড্ৰেচিং গাউনটো মুকলি কৰি বুকুৰ মাজৰ গাঁত ডোখৰ পাউডাৰৰে পূৰাই পেলালে।

 প্ৰসাধনত কিবা খুত ৰলনে বুলি বাৰে বাৰে আৰ্চ্চীত চাই নিজৰ ৰূপতে নিজে ভোল গল। শেষবাৰলৈ গাউনত পৰা পাউডাৰ জোকাৰি মিচেছ মিলাৰে থিয় হৈ নিজৰ কটাক্ষ দৃষ্টিৰে নিজকে মোহিত কৰিবলৈ চেষ্টা কৰিলে।

 নৰেশ্বৰে ভয়-চঞ্চল দৃষ্টিৰে আঁতৰ পৰাই উপভোগ কৰিছিল। মিচেচ মিলাবৰ আনন্দ-উজ্জ্বল চকুৰ চাহনিক সনম্ৰ হাঁহিৰে অভিনন্দন জনালে। দাপোনত নিজৰ ৰূপ প্ৰতিবিম্বিত হোৱাৰ দৰে মিচেচ মিলাৰৰ নিজ আনন্দ-উৎফুল্লতা নৰেশ্বৰত সংক্ৰামিত হল। খন্তেকলৈ চনিয়াৰ বিচ্ছেদ সি সম্পূৰ্ণ পাহৰি পেলালে।

 ড্ৰেচিং গাউনটোয়েই ইমানপৰ মিচেচ মিলাৰৰ যৌবন-শোভা ঢাকি ধৰিছিল। কাপোৰ সলোৱাৰ সময়ত নাৰীয়ে স্বামীৰ উপস্থিতিও কামনা নকৰে। ব্ৰেকফাষ্ট আনিবলৈ নিৰ্দেশ দি নৰেশ্বৰক মিচেচ মিলাবে বাজলৈ খেদিলে।

 দুপৰীয়া ভোজনৰ পিছত নিঃসঙ্গ বিক্ষিপ্ত মনটোক শান্ত কৰিবলৈ মিচেচ মিলাৰে চেষ্টা কৰিলে। কিন্তু সঙ্গ নহলে তিৰোতাৰ শান্তি নাই; মিচেচ মিলাৰে উপন্যাস এখনকে সঙ্গী

৩৬৭