সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/৩৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সেউজী পাতৰ কাহিনী

 গোচলৰ ঘৰত সোমালে নাই বুলিও মিচেচ মিলাৰৰ এঘণ্টা লাগে। সময় যাৰ নেযাই নুপুৱাই, সি এনেকৈয়ে সময়ৰ সদ্ব্যৱহাৰ নকৰিলে, সময় যে স্থাণু হৈ পৰিব।

 মনত নানা ভাবৰ খেলি-মেলি লগাত কোঠা পৰিষ্কাৰ কৰিবলৈ অহাত নৰেশ্বৰৰ পলম হল; আগেয়েও কেতিয়াবা সি পলমকৈ কোঠাত সোমায়; তেতিয়া তাৰ আগ্ৰহ আছিল মেমচাহাৰব প্ৰসাধন কাৰ্য্য লক্ষ্য কৰা। প্ৰসাধনৰ সময়ত নৰেশ্বৰ কোঠাত প্ৰবেশ কৰিলে মেমচাহাবে লাজ সংকোচ নকৰে; আপত্তিও নকৰে। জন্তুৰ সমুখত নাৰী জানো লজ্জাৱতী? নৰেশ্বৰে লাহে লাহে আহি কুঠৰীৰ খিড়িকি মেলি দিলে; পুৱাৰ সূৰুযৰ কোমল পোহৰ গোটেই কোঠাটোত বিয়পি পৰিল। কুঁহি-পাতৰ ওপৰেদি লয়-লাসে ঢৌ খেলি খেলি অহা কেঁচা বতাহজাকে খিড়িকিৰ পৰ্দ্দাক সম্ভাষণ জনালেহি। গাত কেৱল চ্লিপিং গাউনটো সুমুৱাই মিচেচ মিলাৰে ড্ৰেচিং টেবুলৰ সমুখৰ কুচন লগোৱা সৰু টুলখনত বহিলহি। গাৰ সুবাসত গোটেই কুঠৰীটো চঞ্চল হৈ পৰিল। ফণিৰে চুলি আচুৰি দুয়োপিনে কাণৰ কাষৰ চুলিত কেকোৰা সৰু ফণি দুখন গুজি দিলে; সৰু বটলটোৰপৰা আঙুলিৰ নখত টোপাটোপ তেল ঢালি দি অকণমাণি বুৰুজ ডালেবে ম্নানপৰা ৰং এৰুৱালে। সেন্দুৰীয়া গোলাপীয়া ৰঙা কিউটেক্সৰ অকণি অকণি বটল কেইটা হাতত তুলি লিৰিকি বিদাৰি চালে; গোলাপীয়া ৰঙৰ বটলটো মেলি তাৰ মুখত লাগি থকা সৰু তুলিকাৰে নখ ৰঙচুৱা কৰিলে। ৰঙ

৩৬৫