সেউজী পাতৰ কাহিনী
যেতিয়া লগ পাওঁ-সিও নাচিব নেজানিছিল; চৱ ছোৱালীয়ে
হাঁহিছিল।” মিচেচ মিলাৰে ৰেকৰ্ডৰ নাচৰ সুৰৰ লগত ভৰি
মিলাই গল—
Oh! Barnardine!
Oh, oh, oh, Barnardine!
When you wonder into my dream,
You are a vision in glorious pink,
I, go, go, go, for Barnardine,
Oh, oh, oh, oh, Barnardine.
গ্ৰামোফোন ৰেকৰ্ডৰ এপিঠি শেষ হৈ সোঁ সোঁ শব্দ ওলাইছে; মিচেচ মিলাৰে নৰেশ্বৰৰ হাত এৰি ৰেকৰ্ডখন লুটিয়াই দিবলৈ গল। এই সুযোগতে, “মেমচাহাব, গোচলৰ পানী” বুলি ফাটেকৰপৰা পলোৱা কয়দীৰ দৰে নৰেশ্বৰ পলাল। মিচেচ মিলাৰে গিলাচৰ বাকী থকা পানীক শেষ কৰি চিগাৰেট জ্বলাই পুনৰ ৰেকৰ্ডৰ তালে তালে নাচিলে।
গা-ধোৱা ঘৰত গৰম পানী থোৱা হৈছে বুলি নৰেশ্বৰে জনালে। ছাবি শেষ হোৱাত গ্ৰামোফোনৰ ৰেকৰ্ড আপোনা- আপুনি বন্ধ হৈছিল। কাপোৰ থোৱা বহুল আলমাৰিটোৰ ছয়ফুটীয়া আইনাখনৰ সমুখত মিচেচ মিলাৰ থিয় হল। পাতল মুগাবৰণীয়া ৰেচমৰ দৰে বৰকটা চুলিৰ পৰা লাহে লাহে কাঁটা কেইডাল খুলি চুলিখিনি আঙুলিৰে আচুৰিলে; চেগা-চোৰোকাকৈ
লাগি থকা ওঠব ৰং দাঁতেৰে কামুৰি কামুৰি এৰুৱাবলৈ যতন
৩৬২