সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/৩৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সেউজী পাতৰ কাহিনী

বুঢ়ীৰ মনত ধেমালি কৰিলেহি। দুখে দুখৰ স্মৃতি জগাই তোলে। সেই বেজাৰ মুহূৰ্ত্তৰ সুযোগ লৈ অতীত জীৱনৰ সুখ- দুখ, বেজাৰ-বিপত্তিৰ ঘটনাবোৰে অসংলগ্নভাৱে বুঢ়া-বুঢ়ীৰ মনত জুমুৰি দি ধৰিলে; দুয়োৰো চকুৰপৰা জৰ-জৰকৈ ধাৰ নিছিগা চকুলো বৈ গ'ল।

 জিতেৰীৰ নিজৰ ওপৰতে খং; কিয় তাই চনিয়াৰ লগত একে পাটীতে গ'ল ৰাতি নুশুলে। তেতিয়াহলে তাইৰ ওচৰৰ পবা চনিয়াক কোনেও নিব নোৱাৰিলেহেঁতেন। চনিয়াক নেপাই জিতেৰীয়ে দিনটো একো নেখাই নবই উচুপি উচুপি কান্দি আছে। দুখু টিপুয়েও দিনটো পানী এটোপা মুখত দিয়া নাই; যাৰ যাৰ ঘৰলৈ চনিয়াৰ যোৱাৰ সম্ভাৱনা, সেইবোৰত খা-খবৰ লৈ ফুৰি দুয়োটাই তেতিয়াও ঘৰ সোমোৱাহি নাই। কলঘৰত মোংগ্ৰা সাবিত্ৰীহঁতৰ মুখৰপৰা যি শুনিছিল বাপেক- মাকৰ পৰাও লখুয়ে সেই কথাকে হুবহুই শুনিলে; অ'ত ত'ত হে বৰ্ণনাৰ অকণমান ইফাল সিফাল হেৰ-ফেৰ হল। চিৰদিনৰ কাৰণে চনিয়াই যে তাহাঁতক এৰি যাব সেই কথা লখুৰ বিশ্বাস নহল। চনিয়াৰ মনৰ চঞ্চলতা সি জানে; ৰোগ নোহোৱা মানুহে শৰীৰত মিছাতে ৰোগৰ চিন্তা কৰি অসুখী হোৱাৰ দৰে চনিয়াও মাজে মাজে অমঙ্গল অত্যাচাৰৰ আশঙ্কা কবি অস্থিৰ হয়। ৰহমত খানচামাই চনিয়াক বঙলাত কাম দিয়াৰ কথা কবলৈ তাৰ বাপেকৰ ওচৰ চপা, সি জানে। তাহাঁতৰ ঘৰলৈ

ভবিষ্যতে ভৰি নিদিবলৈ ৰহমতক সি শাসনো কৰিছিল। লখু

৩৫৪