সেউজী পাতৰ কাহিনী
অগ্নিয়ে পুৰিলেহে নিভাজ হৈ দেহ মনে ঈশ্বৰৰ কাষ চাপিব
পাবে।”
নৰেনে বহুল তৰ্ক নুজুৰি জীৱনৰ অভিজ্ঞতাৰপৰা আহৰণ কৰা দেৱেশ্বৰৰ উপদেশ বুজিবলৈ চেষ্টা কৰি লাহে লাহে ঘৰলৈ খোজ ললে। আনৰ দুখৰ কাহিনীয়ে নিজৰ শোক পাতলায়। দেৱেশ্বৰে জীৱনৰ দুখ নীৰবে সহ্য কৰিবলৈ শক্তি কৰ পৰা পাইছে নৰেন তাৰে চিন্তাত মগ্ন হল। বহন কৰিবলৈ অধিক শক্তি আছে বুলিয়েই হবলা ঈশ্বৰে দেৱেশ্বৰৰ দুখৰ বোজা বঢ়াইছে; কি তুলা-তৰ্জ্জু বিচাৰ বিধাতাৰ!
গাওঁ ত্যাগ কৰিলেই জীৱনক অস্বীকাৰ কৰা সম্ভৱ নহয়; দেৱেশ্বৰৰপৰা নৰেনে সেই উপদেশকে পালে। কৰ্ত্তব্যত আত্মনিয়োগ কৰিলেহে জীৱন উপলব্ধি সহজ হয়; নৰেনে বুজিলে। মনোহৰ দৃশ্যৰ কাৰণে মানুহে জোনাক নিশাৰ আকাশলৈ অপেক্ষা কৰিব নেলাগে; চকুৰ সমুখৰ দৃশ্যই মনোহৰ; কৰ্ত্তব্যৰ অন্বেষণতো মানুহ দূৰলৈ যাব নেলাগে; অৱহেলিত সন্তানৰ দৰে কৰ্ত্তব্য সদায় হাতৰ কাষতে। গাৱঁৰ কল্যাণ কামত নৰেন পুনৰ উৎসাহেৰে ব্যতিব্যস্ত হৈ পৰিল। মাইনৰ স্কুলটোৰ উন্নতি সাধিবৰ ইচ্ছা কৰি লোকেল বোৰ্ডৰ চেয়াৰমেন আৰু দুই চাৰি গৰাকী জনা-বুজা মানুহৰ পৰামৰ্শ লবলৈ চহৰলৈ গল। আটাই কেই জনকে একে দিনাই লগ ধৰিব নোৱাৰি দুৰাতি চহৰত খপি তৃতীয় দিনাহে ঘৰ পালেহি।