সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/৩৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সেউজী পাতৰ কাহিনী

ডেকা এটা মাজে সময়ে চনিয়াৰ গুৰিলৈ অহাও কোনোৱে দেখা হল। কাৰো বিশ্বাস চনিয়াক পৰুৱাই পালে; দুই চাৰিদিন অ'ত ত'ত ঘূৰাই আকৌ ওভোটাই আনিব। মোংগ্ৰাৰ সন্দেহ পোৱালি মহৰীয়েই চক্ৰান্ত কৰি চনিয়াক কৰবাত পলুয়াই ৰাখিছে—লখুক সি কথাষাৰ মনে মনে জনালে।

 লথু যেতিয়া ঘৰ সোমাল, বুঢ়া-বুঢ়ী দুয়োয়ে চোতালতে হা-হুতাশ কাঢ়ি আছিল। অবোধ প্ৰাণী এটা হেৰালেও বেজাৰ লাগে; সৰুৰেপৰা চনিয়া লখুহঁতৰ লগতে ডাঙৰ দীঘল হৈছে। পাদুৰিৰ ঘৰ এৰি অহাৰ লগে লগে ৰামু কানু দুয়োয়ে চনিয়াক নিজৰ ভনীয়েকৰ দৰে মৰম কৰিছিল। তাতকৈ কৰবাৰ ছোৱালী এজনীক বেছি আদৰ কৰা দেখি প্ৰথমে লখুৰ ককায়েকহঁতৰ ওপৰত অভিমান হৈছিল; চনিয়াকো সি হিংসা কৰিছিল। পিছত লখু চনিয়া দুয়োটো নলে গলে লগা হল। লখু উভটি আহি কম দুখ পাবনে? তাইৰ দুখতে সিয়ো ঘৰ নেৰিলেহে ৰক্ষা – বুঢ়া-বুঢ়ীৰ সিয়ো এক চিন্তা হল।

 এইবোৰ ভাবি থাকোঁতে বুঢ়া-বুঢ়ীৰ ৰামু-কানুলৈ মনত পৰিল; তাহাঁতৰ ডাঙৰ সন্তান; দুয়োটা ডেকা বয়সতে মৰিছে; ৰামু মৰিল বসন্ত ৰোগত; কানুক সাপে খুটি মাৰিলে। তাহাঁত দুটা থকা হেঁতেন বুঢ়া-বুঢ়ীৰ আজি অৱস্থা চাই কোনে? নাতি-নাতিনীৰে ঘৰ ভৰি থাকিলেহেঁতেন। ৰামু-কানুৰ পাহৰি যাওঁ যাওঁ হোৱা মুখ দুখন আকৌ বুঢ়া-বুঢ়ীৰ মনত উদ্ভাসিত হল;

দুয়োটাৰে লৰালিৰ ঘটনাবোৰে পুতলা নাচৰ পুতলাৰ দৰে বুঢ়া-

৩৫৩