সমললৈ যাওক

পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/৩৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সেউজী পাতৰ কাহিনী

লবলৈ আকাশলৈ চালে। আকাশে কেৱল সময়ৰ সংকেতেই নিদিয়ে—অন্তৰৰ অলেখ প্রশ্নৰ সমিধানো দিয়ে। চনিয়াই আকাশত তৰা লেখিলে; জোনটোৰ অস্পষ্ট আভাস মাথোন পালে। চোৰাংচোৱাৰ দৰে ডাৱৰৰ আঁৰে আঁৰে ৰৈ তাইৰ গতি-বিধি জুমা-জুমি কৰাত জোনটোলৈ খং উঠিল; বিষাদৰ কালত জোনটোৰ মুখত কৌতুকৰ হাঁহি —চনিয়াৰ ভাল নেলাগিল ৷ বিৰ্-বিৰকৈ জোনটোক শাও দি কোন বাটে খোজ ললে চনিয়াই নিজেই ধৰিব নোৱাৰিলে ।


বিছ

 পিছদিনা সন্ধিয়া কলঘৰৰ সন্মুখত ট্ৰাকৰপৰা নমা মাত্ৰকে চনিয়াৰ সংবাদ দিবলৈ কেইবাজনো মতা-তিৰোতাই লখুক ঘেৰি ধৰিলে ; হেতা-ওপৰা লাগিল কোনে প্রথমে লখুৰ কাষ চাপি আদ্যোপান্ত বর্ণাৰ পাৰে; নিজৰ অনুমানৰে সানি-পুতকি প্রত্যেকেই ঘটনাটো কবলৈ বিচাৰিলে ৷ পুৱাৰেপৰা গোটেইখন বাগিছা বিচাৰি চলথ কৰিও চনিয়াৰ একো সুং-সুত্ৰ উলিয়াব পৰা নাই। সাবিত্ৰীহঁতৰ আগত চনিয়াই বোলে বাগিছা এৰি যোৱাৰ কথা উলিয়াইছিল; বাগিছা ত্যাগ কৰি নতুন আনন্দ বিচাৰি চহৰলৈ যোৱাৰ কথা বহু ডেকা-গাভৰুয়েই অৱশ্যে মাজে সময়ে চিন্তা কৰে । ওচৰৰ বাগানৰ ডেকাই তাইক পলুৱালে

বুলি কোনো কোনোৱে কোৱা-কুই কৰিলে ৷ ঔতলি বাগানৰ

৩৫২