সেউজী পাতৰ কাহিনী
সি অকলে ভয়ো কৰে। সেই দেখিহে বুকুৰ পোৱালিৰ দৰে খন্তেকলৈও তাক এবিব নোৱাৰো।”
বহুত পৰ বন্ধ কৰি থোৱা নিশ্বাসহে যেন সীতাই স্বস্তিৰে ত্যাগ কৰিলে। কথাখিনি কৈ মাতৃত্বৰ দাবীৰে মিনলৈ চালে। সেই সংকেতৰ অৰ্থ বুজি মিনে সপোনৰ আৱেশত মূৰ দুপিয়ালে।
ইমান দিন পাগলীক লগৰীহঁতৰ সৈতে চনিয়াই ঠাট্টা-বিদ্ৰূপেই কৰি আহিছিল; হঠাৎ আজি তিৰোতাৰ প্ৰেমৰ মাজত মাতৃ-স্নেহৰ পৰিচয় পাই পুৰণি সুৰত পুলকিত হোৱাৰ দৰে সীতাৰ নতুন পৰিচয়ত চনিয়া চঞ্চল হল। তাই ভাবিলে, পাগলীৰ দৰে কেইজনী তিৰোতাই গিৰিয়েকক এনেকুৱা মাকৰ স্নেহেৰে মেৰাই পেলাব পাৰিছে? মাজৰাতিখন মিছাতে এই মতা-তিৰোতা হালক আহুকাল কৰাত চনিয়াৰ নিজকে অপৰাধী অপৰাধী যেন লাগিল। এনে অপৰাধ যে তাই কিমান নকৰিছে? চাহ গছৰ পাহীৰ মাজত ৰাতি শুই থকা ডেকা-গাভৰুৰ মাজত অকস্মাতে ওলাই কতক লঘূ-লাঞ্চনা কৰিছিল। মুহূৰ্ত্ত পলম নকৰি একো মাত বোল নলগোৱাকৈ হুৰ-হুৰ কৰে তাই বাট ওলাই নিশ্বাস সলালে। তাই যি সন্দেহ কৰিছিল—সি নহয়; ৰক্ষা!
বাটৰ কাষৰ অন্ধকাৰত অলপ ৰল; নিস্তব্ধতা ভাঙ্গিবলৈ হাতৰ মোনাটো অনাহকত জোকাৰিলে। তাই নিজেই বুজিব পৰা নাই, তাইৰ হৃদয় কিহৰ সন্ধানত বিভ্ৰান্ত। নিতে নিতে
চন্দ্ৰৰ দৰে সলনি হলেও নাৰীৰ অন্তৰত পুৰুষৰ চিত্ৰ চিৰকাল
৩৪৮